হাজোৰ মনাহকুছি শিলগুৰিত অজাপৰ নির্বাচনী কার্যালয় লণ্ডভণ্ড
নিয়মীয়া বাৰ্তা, ৩১ মার্চ: দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রাকক্ষণত মঙলবাৰে কাছাৰ জিলাৰ সোণাই সমষ্টিত সংঘটিত হয় এক নির্বাচনী হিংসাৰ ঘটনা৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নির্বাচনী সমাৱেশ শেষ হোৱাৰ পিছতে বিজেপি আৰু এআইইউডিএফৰ সমর্থকৰ মাজত সূত্রপাত হোৱা সংঘর্ষত কেইবাজনো লোক আহত হয়৷
মঙলবাৰে বিয়লি মুখ্যমন্ত্রী সোণোৱালে সোণাইত দলীয় প্রার্থী আমিনুল হক লস্কৰৰ হৈ নির্বাচনী প্রচাৰ চলাইছিল৷ মুখ্যমন্ত্রী সোণোৱালৰ নির্বাচনী সমাৱেশ শেষ হোৱাৰ পিছতে বিজেপি আৰু এআইইউডিএফৰ একাংশ সমর্থকৰ মাজত বাক–বিতণ্ডা লাগে৷ এই বাক–বিতণ্ডাই এটা সময়ত সূচনা কৰে উত্তপ্ত পৰিস্থিতিৰ৷ আনকি উভয় দলৰ সমর্থকসকল মাৰপিটতো লিপ্ত হয়৷
বিজেপি প্রার্থী আমিনুল হক লস্কৰে জানিবলৈ দিয়া মতে এই ঘটনাত তিনিখনকৈ বাহন ক্ষতিগ্রস্ত হোৱাৰ উপৰি দুই–তিনিজন দলীয় কর্মী আহত হৈছে৷ ঘটনা সন্দর্ভত ইতিমধ্যে ৰুজু কৰা হৈছে এটা গোচৰ৷ ইফালে, হাজো সমষ্টিৰ তথা শুৱালকুছি থানাৰ অন্তর্গত বামুন্দীৰ নিকটৱর্তী শিলগুৰি আৰু হাজো থানাৰ অন্তর্গত মনাহকুছি অঞ্চলত কালি নিশা দুর্বৃত্তই লণ্ডভণ্ড কৰে অজাপৰ দুটা নির্বাচনী কার্যালয়৷
জানিব পৰা মতে নিশা দুর্বৃত্তই কার্যালয় দুটাৰ বেনাৰ–পোষ্টাৰ আদি ফালি–ছিৰি নির্বিঘ্ণে আঁতৰি যায়৷ কিছু সময় পিছতে অজাপৰ স্থানীয় নেতা–কর্মী ঘটনাস্থলীত উপস্থিত হৈ নিশাই শুৱালকুছি আৰু হাজো থানাত পৃথকে এজাহাৰ দাখিল কৰে৷