বিশেষ বাৰ্তা, ১ অক্টোবৰঃ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰে ৰাজ্যবাসীৰ ওপৰত মাধমাৰ শোধাবলৈ ওলাইছে এপিডিচিএলে৷ কাইলৈৰ পৰা কার্যকৰী হোৱাকৈ ৰাজ্যখনত ৩০ পইচাৰ পৰা ১.২৯ টকালৈকে প্রতি ইউনিটত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে৷ এপিডিচিএলৰ তৰফৰ পৰা এক জাননীযোগে ইন্ধন আৰু শক্তি ক্রয়ত হোৱা খৰচৰ জোৰা মাৰিবলৈকে বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি কোৱা হৈছে৷ জীৱনধাৰাকে ধৰি ঘৰুৱা বিদ্যুৎ গ্রাহকৰ ক্ষেত্রত ৩০০ ইউনিটপর্যন্ত প্রতি ইউনিট বিদ্যুতৰ ৩০ পইচাকৈ বৃদ্ধি কৰা হৈছে৷ ৩০১ৰ পৰা ৫০০ ইউনিটলৈ প্রতি ইউনিটত বিদ্যুৎ মাচুল ৫০ পইচা বৃদ্ধি কৰা হৈছে৷ ৫০১ ইউনিটৰ অধিক বিদ্যুৎ ব্যৱহাৰৰ ক্ষেত্রত প্রতি ইউনিটত ১.২৯ টকাকৈ বৃদ্ধি কৰা হৈছে৷ সেইদৰে ব্যৱসায়িক, ঔদ্যোগিক খণ্ডত প্রতি ইউনিটত বিদ্যুৎ মাচুল ১.২৯ টকাকৈ বৃদ্ধি কৰা হৈছে৷ উল্লেখ্য যে বর্তমান জীৱনধাৰাৰ গ্রাহকে প্রতি ইউনিট বিদ্যুতৰ বাবদ দিব লগা হয় ৫.০৫ টকা৷ ইয়াৰে ১ টকা ৰাজসাহায্য হিচাপে লাভ কৰাৰ ফলত গ্রাহকে প্রকৃতার্থত আদায় দিব লাগে ৪.০৫ টকা৷ কিন্তু এতিয়া প্রতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধি হোৱাত একোজন গ্রাহকে প্রতি ইউনিট বিদ্যুতৰ বাবদ ৪.৩৫ টকাকৈ আদায় দিব লাগিব৷ নতুন নিৰিখ অনুসৰি ০.৫ কিলোৱাট–৫ কিলোৱাটলৈ ঘৰুৱা গ্রাহকে ০–১২০ ইউনিটলৈ এতিয়া প্রতি ইউনিট বিদ্যুতত ৫.২৫ টকা, ১২১–২৪০ ইউনিটলৈ প্রতি ইউনিটত ৭.৩০ টকা, ২৪১–৩০০ ইউনিটলৈ প্রতি ইউনিটত ৮.২০ টকা, ৩০১–৫০০ ইউনিটলৈ প্রতি ইউনিট বিদ্যুতত ৮.৪০ টকাকৈ মাচুল আদায় দিব লাগিব৷ সেইদৰে ৫ কিলোৱাটৰ পৰা ৩০ কিলোৱাটৰ গ্রাহকে ৩০০ ইউনিটলৈ প্রতি ইউনিটত ৭.৭৫ টকা, ৩০১–৫০০ ইউনিটলৈ প্রতি ইউনিটত ৭.৯৫ টকা মাচুল হিচাপে আদায় দিব লাগিব৷