মৰিয়নিত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত পোৱালিসহ দুটাকৈ হাতীৰ মৃত্যু : এটা আহত
বিশেষ বাৰ্ত, ১০ অক্টোবৰঃ মৰিয়নিৰ সমীপৰ খৰিকটীয়া অঞ্চলত যোৱানিশা ৰে’লৰ খুন্দাত দুটা হাতীৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ডিব্ৰুগড়ৰ পৰা নতুন দিল্লী অভিমুখে যোৱা নামনিমুৱা ২০৫০৩ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে এটা হাতীৰ জাকক খুন্দিওৱাৰ ফলতেই এই ঘটনা সংঘটিত হয় । উল্লেখযোগ্য যে, কালি সন্ধিয়া সময়ৰ পৰাই খৰিকটীয়া অঞ্চলত বনৰীয়া হাতীৰ এটা জাক সোমাই অঞ্চলটোত উপদ্ৰৱ চলাইছিল । আনকি তিনিটাৰো অধিক ঘৰ কালি হাতীজাকে ভাঙে । ইয়াৰ পিছতেই স্থানীয় ৰাইজ আৰু বন বিভাগে হাতীৰ জাকটো খেদি পঠোৱাৰ চেষ্টা চলায়। ৰাতি হাতীৰ জাকটো ৰে’ল লাইন পাৰ হ’ব খোজোতেই তীব্ৰ বেগী ৰাজধানী এক্সপ্ৰেছ ৰে’লখনে জাকটোক মহতিয়াই নিয়ে। ৰে’লখনৰ খুন্দাত এটা হাতী উফৰি পৰে। আনহাতে, পোৱালিসহ দুটা হাতীক বহুদূৰ চোঁচৰাই নিয়ে । ফলত চোঁচৰাই নিয়া হাতী দুটাৰ মাজৰে পোৱালি হাতীটোৰ ঘটনাস্থলীতে মৃত্যু হয়। আনটো হাতী ৰে’ল লাইনৰ কাষত পৰেগৈ। গুৰুতৰভাৱে আহত হাতীটোৱে যন্ত্ৰনাত চিঞৰ বাখৰ কৰি থাকে যদিও কোনো চিকিৎসা নাপালে। অৱশেষত কেবাঘন্টাৰ মুৰত উক্ত হাতীটোৰো বিনা চিকিৎসাই চটফটাই মৃত্যু হয়। অৱশ্যে বন বিভাগৰ সূত্ৰৰ মতে, হাতীটোৱে মুৰত গুৰুতৰ আঘাত পাইছিল আৰু প্ৰচুৰ ৰক্তক্ষৰণ হৈছিল। সেইবাবেই হাতীটোৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। মৃত হাতী পোৱালিটোৰ বয়স প্ৰায় ৯ – ১০ মাহ আৰু পোৱালিটো মতা আছিল বুলি বন বিভাগে জানিবলৈ দিছে । বন বিভাগৰ মতে আনটো মৃত হাতী পোৱালিটোৰ মাক আছিল । বয়স আনুমানিক ২০-২২ বছৰ হ’ব বুলি বন বিভাগে সন্দেহ প্ৰকাশ কৰিছে । ইফালে ৰে’লৰ ইঞ্জিনৰ খুন্দাত উফৰি পৰা হাতীটো গুৰুতৰভাৱে অহাত হৈ খৰিকটীয়া চাহ বাগিচাৰ মাজত পৰি আছে। হাতীটোৱে পিছৰ অংশত গুৰুতৰভাৱে আঘাত পাইছে। আনকি খোজ কাঢ়ি যাবলৈও সমৰ্থ নোহোৱা হাতীটো চুঁচৰি চুঁচৰি কিছুদুৰ গৈ খৰিকটীয়া চাহ বাগিচাৰ মাজত পৰি ৰৈছে। অঞ্চলটোৰ লোকে কলগছ আদি দি খোৱাৰ ব্যৱস্থা কৰিছে। আনহাতে, কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা চিকিৎসকৰ এটা দল আহি আঘাতপ্ৰাপ্ত হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে। প্ৰতিকুল বতৰৰ বাবে চিকিৎসকৰ দলটোৱে অভিযান চলোৱাত সমস্যাৰ সৃষ্টি হৈছে যদিও শেহতীয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰিছে দলটোৱে। কিন্তু বৰ্তমানৰ পৰিস্থিতিলৈ চাই হাতীটোৰ বচাৰ আশা ক্ষীণ হৈ পৰিছে। মন কৰিবলগীয় যে মৰিয়নি- তিতাবৰৰ মাজৰ খৰিকটীয়া ৰে’ল ষ্টেচনৰ পৰা নাতিদূৰৈত ৰে’লৱে কিলোমিটাৰ নম্বৰ ৩৬২ / ৬-৭ ৰ মাজত এই ঘটনা সংঘটিত হয়। হাতীৰ জাকটোক খুন্দা মাৰি দুটা হাতীক প্ৰায় এশ মিটাৰ চোঁচৰাই নিয়াৰ অন্তত ৰে’লখন ৰৈ যায়। প্ৰায় আধা ঘন্টা মান সময় ৰে’লখন ঘটনাস্থলীতে আৱদ্ধ হৈ পৰে। পিছত ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে । ইফালে ঘটনাৰ খবৰ পাইয়েই মৰিয়নিৰ ৰে’লৱে আৰক্ষী, ৰে’লৱে নিৰাপত্তা বাহিনী আৰু মৰিয়নি তিতাবৰৰ বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়গৈ। মৰিয়নিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ এলেকাধীন আৰু তিতাবৰ খণ্ড বন বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত খৰিকটীয়া অঞ্চলত সংঘটিত এই ঘটনাৰ পিছত মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতা, তিতাবৰৰ খণ্ড বন বিষয়া বিকেন পেগু, মেলেঙৰ খণ্ড বন বিষয়া বন্দন দুৱৰী, নিউ সোনোৱালৰ খণ্ড বন বিষয়া ভাস্কৰ ৰঞ্জন বৰগোঁহাইৰ লগতে যোৰহাটৰ সংমাণ্ডলিক বন প্ৰাধিকাৰী নন্দ কুমাৰ, সহকাৰী বন সংৰক্ষক বিনোদ বিহাৰী সিনহা আৰু অৰুণ কলিতা আদি ৰাতিয়েই ঘটনাস্থলীত উপস্থিত হয়। কিন্তু বন্যপ্ৰাণীক চিকিৎসা কৰিব পৰা চিকিৎসকৰ অভাৱত সেই সময়ত আঘাতপ্ৰাপ্ত হাতীক চিকিৎসা কৰিব পৰা নগ’ল। স্থানীয় ৰাইজৰ মতে, উক্ত অঞ্চলত বনৰীয়া হাতীয়ে বিচৰণ কৰি থাকে যদিও প্ৰতিখন ৰে’লগাড়ীয়েই তীব্ৰ গতিত আহ যাহ কৰে। কালি দুৰ্ভাগ্যজনকভাৱে উক্ত ঘটনা সংঘটিত হ’ল যদিও ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ নকৰিলে ইয়াতকৈও ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰিছে ৰাইজে । বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে, এই ঠাইত ৰে’ল লাইনত হাতীৰ জাক থকাৰ সম্পৰ্কে মৰিয়নিৰ ৰে’ল কৰ্তৃপক্ষক বন বিভাগে অৱগত কৰিছিল। কিন্তু ৰে’লখনৰ চালক আৰু ৰে’ল কৰ্তৃপক্ষই সেই কথালৈ গুৰুত্ব নিদি তীব্ৰ বেগত ৰে’লখন চলোৱাৰ বাবেই এই শোকাবহ ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় সচেতন ক্ষোভ প্ৰকাশ কৰিছে । স্থানীয় ৰাইজে মৃত হাতী দুটাত ফুল ছটিয়াই, ধূপ জ্বলাই শ্ৰদ্ধা জনায় । পিছত নিহত দুয়োটা হাতীৰ বন বিভাগে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত সেই স্থানতে পুতি পেলোৱাৰ ব্যৱস্থা কৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া