ধর্ষণৰ গোচৰঃ উচ্চ ন্যায়ালয়ত নির্দোষী সাব্যস্ত হৈছে ই এম ঘনশ্যাম দাস
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ বিটিচিৰ শাসনভাৰৰ দায়িত্ব লাভ কৰা প্রমোদ বডো নেতৃত্বাধীন মিত্রজোঁটৰ অন্যতম অংশীদাৰী দল গণ সুৰক্ষা পার্টীৰ বিজয়ী প্রার্থী তথা সদ্যগঠিত পৰিষদৰ কার্যবাহী সদস্য ঘনশ্যাম দাস সন্দর্ভত একাংশ সংবাদ মাধ্যমে অসত্য আৰু ভিত্তিহীন বাতৰি প্রচাৰ কৰিছে৷ এই মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ৷
কালি বাক্সা জিলাৰ বৰমা প্রেছ ক্লাবত আয়োজিত এখন সংবাদ মেলত সাংসদ শৰণীয়াই কয় যে ঘনশ্যাম দাসক শুভেচ্ছা তথা আশীর্বাদ দিয়াৰ পৰিৱর্তে এই ধৰণৰ বাতৰি প্রচাৰ কৰাটো ভুল আৰু ঘোৰ অন্যায়৷ ঘনশ্যাম দাসৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগৰ বাবে পাৰিষদগৰাকীৰ ডি এন এ পৰীক্ষাত কোনো তথ্য–প্রমাণ নোপোৱাত আৰু কিশোৰীগৰাকীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ঘনশ্যাম দাসক উচ্চ ন্যায়ালয়ে নির্দোষী বুলি স্বীকৃতি দিয়াৰ পিছতহে গণ সুৰক্ষা পার্টীয়ে প্রার্থিত্ব প্রদান কৰিছে বুলি সাংসদগৰাকীয়ে কয়৷ আদালতে নির্দোষী বুলি ঘোষণা কৰাৰ পিছতো ঘনশ্যাম দাসৰ বিৰুদ্ধে কৰা এই অভিযোগ দুষ্ট চক্রৰ কুটিল ষডযন্ত্র বুলি অভিহিত কৰে৷ এক বিশেষ ৰাজনৈতিক দলৰ দ্বাৰা পৰিচালিত হৈ এনে ধৰণৰ অভিযোগ কৰাটো চৰম দুর্ভাগ্যজনক বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে৷ ইয়াৰ বাবে ঘনশ্যাম দাসৰ পৰিয়াল তথা ৰাইজক মনোবল অটুট ৰাখিবলৈ আহ্বান জনায়৷
ঘনশ্যাম দাসক লৈ কৰা অপপ্রচাৰ এক ৰাজনৈতিক ষডযন্ত্র বুলি অভিহিত কৰে সাংসদগৰাকীয়ে৷ ইয়াৰ উপৰি বর্তমানৰ বিটিচি চৰকাৰখনে কিছু গতি লোৱাৰ পিছত ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিব বুলি উল্লেখ কৰে৷ তদুপৰি বিটিচিত সকলো জাতি জনগোষ্ঠীয়ে যাতে ভাতৃত্ববোধ ৰক্ষা কৰি সমিল–মিলেৰে বসবাস কৰে তাৰ বাবে সকলোকে আহ্বান জনায়৷ তদুপৰি হাগ্রামা মহিলাৰীয়ে এতিয়া আৰু চৰকাৰ গঠনৰ সপোন দেখি লাভ নাই বুলিও কটাক্ষ কৰে সাংসদ শৰণীয়াই৷