নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজম পৰিল আগিয়াৰ বাদুংদুপ্পাৰ শালনিৰ তল

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰস্থিত বাদুংদুপ্পা কলা কেন্দ্রত যোৱা ১৫ ডিচেম্বৰৰ পৰা দুদিনীয়া কার্যসূচীৰে আৰম্ভ হোৱা নাট্য সমাৰোহৰ কালি আবেলি অন্তিমখন নাট মঞ্চায়নৰ পৰি সমাপ্তিৰ লগে লগে দুদিন ধৰি নাট্য কর্মী, শিল্পী–সাহিত্যিক, বিশিষ্ট পৰিচালক অভিনেতাৰ লগতে দূৰ–দূৰণিৰ তথা স্থানীয় দর্শকৰে কোলাহল হৈ পৰা বাদুংদুপ্পাৰ শালনিৰ তল নিজম পৰিল৷ দুদিনীয়া নাট্য সমাৰোহ কার্যসূচীৰ শেষৰ দিনা পুৱা মণিমালা দাসৰ ৰচনা আৰু পৰিচালনাত কামৰূপ মেট্ৰ’ সোণাপুৰৰ ডেঙৰালি ক্রেতছ হুৱ নাট্য গোষ্ঠীৰ শিল্পী, কলা কুশলীসকলে মঞ্চস্থ কৰে ‘ভূমিকন্যা’ নামৰ অসমীয়া ভাষাৰ নাটখন৷ নাটখনৰ মাজেৰে অতীজৰে পৰা অৱহেলিত নাৰী জাতিটো ভোগৰ সামগ্রী হিচাপে ব্যৱহাৰ কৰি অহা বর্তমান সমাজখনত নাৰীৰ সবলীকৰণৰ নিদর্শন দাঙি ধৰি চমকপ্রদ অভিনয়ৰ মাজেৰে দর্শকক আপ্লুত কৰিবলৈ সক্ষম হৈছে৷

আবেলি সমাৰোহৰ অন্তিমখন নাট প্রদর্শন কৰে ড০ পৰমানন্দ ৰাজবংশীয়ে নাট্যৰূপ দিয়া সীমান্ত ফুকনৰ পৰিকল্পনা আৰু পৰিচালনাৰে নর্থ–ইষ্ট থিয়েটাৰ একাডেমী ড্রাগন নাট্য পৰিয়ালৰ শিল্পীসকলৰ অভিনীত নাট ‘কমলা কুমাৰীৰ সাধু’ নামৰ নাট খন৷ ষডযন্ত্রৰ বলি হোৱা বুলি জানিও এগৰাকী অৱলা নাৰীয়ে দেশ তথা সমাজখনৰ কাৰণে নিজৰ জীৱনবলিদান দিব পৰা নাৰীশক্তিকে পৰিস্ফুট কৰি তোলে৷ সুদক্ষ অভিনয় প্রদর্শন কৰি দর্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বুটলিবলৈ সক্ষম হয় শিল্পী, কলাকুশলীসকলে৷ সমাৰোহৰ অন্তিমখন নাট প্রদর্শনী চাবলৈ বাদুংদুপ্পাৰ শালনিৰ তলৰ প্রাকৃতিক মঞ্চত অজস্র দর্শকৰ ভিৰ হয়৷

You might also like