নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্রেছ ক্লাবত শিক্ষয়িত্রী জুনু ৰাজখোৱাৰ ‘স্কাউটিং–গাইডিং’ গ্রন্থ উন্মোচন

নিয়মীয়া বার্তা,  ১৮  ডিচেম্বৰঃ ভাৰত স্কাউট আৰু গাইডৰ অসম ৰাজ্যিক সাংগঠনিক আয়ুক্ত, কাহিলিপাৰাৰ নৰকাসুৰ হাইস্কুলৰ শিক্ষয়িত্রী, অভিনেত্রী তথা লোকসংস্কৃতিৰ এগৰাকী নিপুণ শিল্পী জুনু ৰাজখোৱাৰ ‘স্কাউটিং–গাইডিং’ শীর্ষক গ্রন্থখন যোৱা সোমবাৰে গুৱাহাটী প্রেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ ভাৰত স্কাউট আৰু গাইডৰ সৈতে দীর্ঘদিন ধৰি জডিত হৈ থকা ভাৰত স্কাউট গাইডৰ অসম ৰাজ্যিক সাংগঠনিক আয়ুক্ত হিচাপে জুনু ৰাজখোৱাই সমগ্র ভাৰতৰে বিভিন্ন প্রশিক্ষণ শিবিৰত অংশগ্রহণ কৰি বহু শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রীক প্রশিক্ষণ দি আহিছে৷

সুদীর্ঘ এই সময়ছোৱাত তেওঁ লাভ কৰা বিভিন্ন অভিজ্ঞতা, স্কাউট–গাইডৰ নীতি–নিয়ম, সমাজৰ বাবে স্কাউট–গাইডৰ প্রয়োজনীয়তা আদি বিভিন্ন বিষয়ক সামৰি প্রকাশ কৰি উলিওৱা ‘স্কাউটিং–গাইডিং’ শীর্ষক গ্রন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ‘ভাৰত স্কাউটছ আৰু গাইড’ৰ অসম ৰাজ্যিক মুখ্য আয়ুক্ত তথা অসমৰ প্রাক্তন প্রশাসনিক বিষয়া এ কে আবচাৰ হাজৰিকাই৷ অনুষ্ঠানত মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক ফণীন্দ্র জিডুং, অসম চৰকাৰৰ প্রাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ, প্রাথমিক শিক্ষা বিভাগৰ প্রাক্তন সঞ্চালক, লেখিকা ড০ অসমী গগৈ, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ প্রাক্তন সচিব চবিন ৰাজখোৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like