নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত জৈৱ বৈচিত্ৰ্য আৰু ইক’ক্লাৱৰ সন্দৰ্ভত পৰিৱেশ সজাগতা সভা 

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ বগীনদী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি জৈৱ বৈচিত্ৰ আৰু ইক’ ক্লাৱৰ সন্দৰ্ভত এখন সজাগতা  সভা সম্পন্ন হয়। সমগ্ৰ শিক্ষা অভিযান অসমৰ পৃষ্ঠপোষকতাত তথা বগীনদী হাইস্কুলৰ উদ্যোগত স্কুল চৌহদত আয়োজিত এই সজাগতা সভাত সভাপতিত্ব কৰে তাৰিয়নি বৰবিল হাইস্কুলৰ প্ৰধান শিক্ষক ডম্বৰু নেৱাৰে ।

বিদ্যালয়ৰ প্ৰধান শিক্ষক ফটিক চন্দ্ৰ শৰ্মাই আঁত ধৰা এই সজাগতা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰে শিক্ষক হেমন্ত শইকীয়াই । জৈৱ বৈচিত্ৰ্য আৰু ইক’ক্লাৱ ক মুল বিষয়বস্তু হিচাপে আয়োজিত সজাগতা সভাখনত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উপস্থিতিত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সুৰজিৎ ভূঞা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা একে মহাবিদ্যালয়ৰ প্ৰবক্তা প্ৰভাত দত্তই জৈৱ বৈচিত্ৰ আৰু ইক’চিষ্টেমৰ ওপৰত এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উজ্জ্বলপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক পুণ্যেশ্বৰ বৰুৱা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা হাইস্কুলৰ প্ৰধান শিক্ষক চৰিত্ৰ সোনোৱালেও আলোচ্য বিষয়ৰ বক্তব্য দাঙি ধৰে।

প্ৰেৰকঃ ভূবন গৌতম

You might also like