নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত নিম্নবর্গ সহায়ক-চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তিত ব্যাপক দুর্নীতিৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰীত নতুনকৈ স্থাপন কৰা মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত লটাৰীৰ যোগে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি কৰা কাৰ্যৰ বিতৰ্কই মাৰ নোযোৱাৰ সময়তে পুনৰ আন এক বিতর্কই দেখা দিছে আদর্শ বিদ্যালয়খনত। ন কৈ স্থাপন কৰা মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত নিম্নবর্গ সহায়ক আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰী নিযুক্তিৰ ক্ষেত্ৰত অভিযোগত উঠিছে ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ।

অভিযোগমতে জোনাইৰ লাইমেকুৰীত ন কৈ স্থাপন কৰা মূৰ্কংচেলেক আদর্শ বিদ্যালয়ত অলপতে নিম্নবর্গ সহয়াক আৰু চতুৰ্থ বৰ্গ কৰ্মচাৰীৰ বাবে অনুষ্ঠিত কৰা বাছনি পৰীক্ষাত যোগ্য প্রার্থীক বঞ্চিত কৰি অনিয়ম আৰু দুৰ্নীতিৰে অন্য প্ৰাৰ্থীকহে নিযুক্তি দিয়া বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে বিদ্যালয়খনৰ সমন্বয়ৰক্ষী সমিতিয়ে ।

জানিব পৰামতে মূৰ্কংচেলেক আদর্শ বিদ্যালয়খনৰ নিম্নবর্গ সহায়কৰ পদটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰি বাছনি পৰীক্ষাত বহিছিল যদিও যোগ্য প্রার্থীক বঞ্চিত কৰি নিযুক্তি দিছে অন্য কোনো অভিজ্ঞতা কিম্বা কম অর্হতা থকা এজন প্রার্থীক। তেনেদৰে চতুৰ্থ বৰ্গ সহায়কৰ বাবে মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে বাছনি পৰীক্ষাত বহিছিল যদিও ইয়াৰ ক্ষেত্ৰতো যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অন্য লোককহে নিযুক্তি দিয়া বুলি অভিযোগ কৰিছে ৰাইজে। যাৰ ফলত মূৰ্কংচেলেক আদর্শ বিদ্যালয়ৰ এনে অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনৰ মাজত।

মূর্কংচেলেক আদর্শ বিদ্যালয় খনৰ এনে অনিয়ম আৰু দুৰ্নীতিৰে দিয়া নিযুক্তিক শীঘ্ৰে বাতিল কৰি নতুনকৈ বাছনি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ডাঃৰণোজ পেগুৰ লগতে স্থানীয় বিধায়ক ভূৱন পেগু আৰু সাংসদ প্রদান বৰুৱাৰ ওচৰত দাবী জনাইছে জোনাইৰ বিভিন্ন দল-সংগঠনৰ লগতে মূৰ্কংচেলেক আদর্শ বিদ্যালয়ৰ সমন্বয়ৰক্ষী সমিতিয়ে। অন্যথা বিদ্যালয়খনৰ পাঠদান বন্ধ ৰখাৰ লগতে জংগী আন্দোলনৰ হুংকাৰ দিছে স্থানীয় বিভিন্ন দল সংগঠনে।

You might also like