নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়া

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: জোনাইৰ ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তৰ ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়াই নিন্দ্ৰা হৰণ কৰিছে নৈ-পৰীয়া ৰাইজক। দুখন জিলাৰ সীমান্তৰ চেৰেং চিৰি গাঁৱকে আদি কৰি বৃহৎ অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী।

জানিব পৰামতে বিগত কেইবা বছৰ আগৰ পৰাই ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে। গাঁৱখনৰ ৰাইজক ব্ৰহ্মপুত্ৰ নদীৰ বান-খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ এটা মথাউৰি দুবছৰৰ আগতেই নিৰ্মাণ কৰা হৈছিল যদিও এই মথাউৰিখন এতিয়া খহনীয়াৰ কবলত। শ শ পৰিয়ালৰ ঘৰ-বাৰী, বাট-পথ, ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান তথা খেতি-বাতি জাহ গৈছে খহনীয়াত। ফলত খহনীয়াত বিধ্বস্ত পৰিয়ালে বিভিন্ন ঠাইত আশ্ৰয় বিচাৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে বছৰ বছৰ ধৰি। বিভিন্ন সময়ত বাৰে বাৰে চৰকাৰ তথা জোনাই জলসম্পদ বিভাগকে আদি কৰি স্থানীয় জন-প্ৰতিনিধিক কেবাবাৰো আবেদন নিবেদন কৰিছে যদিও কোনোধৰণৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ বৃহৎ অভিযোগ তুলিছে স্থানীয় ভুক্তভোগী ৰাইজে।

You might also like