নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান নলবাৰীৰ উদ্যোগত বিশেষ স্বাস্থ্য শিবিৰ

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ:   ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান,নলবাৰীৰ উদ্যোগত ২০ আৰু ২১ অক্টোবৰ তাৰিখে বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । জ্ঞান বিকাশ একাডেমী,বৰবাল্লা,১ নং অ’ৰৰা প্ৰাথমিক বিদ্যালয় আৰু জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয় বিদ্যালয়ত আয়োজিত এই শিবিৰত অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেখ,যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: সুভাষ শৰ্মা প্ৰমূখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল । এই শিবিৰত সকলো বয়সৰ ব্যক্তিৰ স্বাস্থ্য বিশেষকৈ জেষ্ঠসকল,প্ৰসূতি আৰু শিশু স্বাস্থ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল । তদুপৰি সকলোধৰণৰ স্বাস্থ্য পৰীক্ষা উপলব্ধ হোৱাৰ লগতে ক’ভিড ভেকচিন প্ৰদান,বিনামূলীয়া ঔষধ বিতৰণৰ ওপৰিও প্ৰায়কেইটা বিভাগৰ বিশেষজ্ঞ চিকিৎকসকল উপস্থিত আছিল । সুস্বাস্থ্যৰ উপৰিও ৰুচিসন্মত জীৱনশৈলী মানুহৰ মাজত প্ৰচাৰৰ লগতে প্ৰতিজন ব্যক্তিক স্বাস্থ্যবান কৰি তোলাৰ মহৎ উদ্দেশ্য আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । স্বাস্থ্য সাক্ষৰতাৰ সমান্তৰালভাৱে সামগ্ৰিক স্বাস্থ্য,বৈজ্ঞানিক মানসিকতা আৰু সুস্থতাৰ ওপৰত এই স্বাস্থ্য শিবিৰে ইতিবাচক প্ৰভাৱ পেলাব । স্বাস্থ্য শিবিৰত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বেখে কয় যে স্বাস্থ্যৰ ক্ষেত্ৰত কৰা উপেক্ষা আৰু উদাসীনতা দুয়োটাই বিপদজনক । চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি তথা বিনামূলীয়া সেৱাসমূহ জনগণৰ মাজত বহুলভাৱে প্ৰচাৰ কৰি আমি খাটিখোৱা মানুহক সেৱা কৰিব পাৰো । স্বাস্থ্যৰ ক্ষেত্ৰত কৰা আপোচে মানুহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । ৰোগমুক্ত জীৱনশৈলীৰ জৰিয়তে ব্যক্তিগত আৰু সামূহিক স্তৰত এক নতুন মনোভাৱ ৰোপণ কৰিবলৈ আমি কাম কৰি আছো । এই স্বাস্থ্য শিবিৰৰ জৰিয়তে জনগণ বহু পৰিমাণে উপকৃত হৈছে । অনাগত দিনতো এনে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হ’ব বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা অৱগত কৰিছে ।

You might also like