বটদ্রৱাৰ শান্তিজানৰ বেদখল উচ্ছেদ প্রশাসনৰ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ জগত গুৰুজনাৰ পৱিত্র জন্মস্থান বটদ্রৱা থানৰ আকাশীগংগা তীৰত থকা ১৬৫ বিঘা ভূমি চৰকাৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহত বেদখলমুক্ত হ’ল আৰু সেই স্থানত বিশ্বমানৰ এক সাংস্কৃতিক প্রকল্পৰ নির্মাণকার্য চলি আছে৷ কিন্তু এতিয়াও বটদ্রৱা অঞ্চলত চৰকাৰী বহু ভূমি বিশেষকৈ বটদ্রৱা থানৰ দাঁতিকাষৰীয়া প্রায় ৯৬২ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে৷
শেহতীয়াভাৱে বিগত কিছুবছৰৰ পৰা বটদ্রৱাৰ ঐতিহাসিক শান্তিজান জলপৃষ্ঠৰ উত্তৰ–পূব দিশত একাংশ দুষ্কৃতিকাৰীয়ে মীনপালনৰ নাম লৈ বান্ধ নির্মাণ কৰি অবৈধভাৱে চলাই আহিছিল বেদখল৷ বটদ্রৱাৰ ঐতিহাসিক শান্তিজানৰ বোৱঁতী নদীৰ মুখত পুখুৰী খান্দি সম্পূর্ণৰূপে বন্ধ কৰাৰ পৰিকল্পনাৰে কিছুদিনৰ ভিতৰতে একাংশ লোকে খান্দিছিল বৃহৎ আকাৰৰ পুখুৰী৷ যি সময়ত খেতিমাটি, পথৰ কাষৰ মাটি আদিত প্রশাসনৰ বিনা অনুমতিত পুখুৰী খন্দাত নিষেধাজ্ঞা জাৰি কৰিছে, ঠিক সেই সময়তে প্রশাসনৰ চকুত ধূলি দি একাংশ লোকে পৰিকল্পনাবিহীনভাৱে অবিজ্ঞানসন্মত পৰিৱেশত পুখুৰী খান্দি বোৱঁতী নদীত বান্ধ দিয়াক কেন্দ্র কৰি সৃষ্টি হৈছিল ব্যাপক প্রতিক্রিয়াৰ৷
বটদ্রৱাৰ ঐতিহাসিক শান্তিজানৰ জলধাৰাত বাধাহীনভাৱে প্রৱাহিত হোৱা মুখখন বটদ্রৱাৰ ধনিয়াভেটি পথাৰৰ একাংশ লোকে পুখুৰী খান্দি সম্পূর্ণৰূপে বন্ধ কৰাৰ পৰিকল্পনা কিছুবছৰৰ পৰা চলাই আছিল৷ পৰৱর্তী সময়ত স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত দেওবাৰে শান্তিজান জলপৃষ্ঠৰ দক্ষিণ–পশ্চিম দিশত থকা বেদখলকৃত স্থানত ধিং ৰাজহ চক্র বিষয়া চন্দনা বৰুৱা আৰু সংলগ্ণ চক্র বিষয়া আনিছ বেৰীয়াৰ নেতৃত্বত আজি দুপৰীয়াৰ ভাগত আৰম্ভ হয় বেদখলমুক্ত অভিযান৷ আৰক্ষী প্রশাসন আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিত প্রশাসনে শ্রমিক লগাই কোৰ মাৰি অতি দুর্গম স্থানত বোৱঁতী নদীত বান্ধ কাটি দি প্রাকৃতিকভাৱে শান্তিজানক বোৱাই দিয়াৰ ব্যৱস্থা লয়৷
উল্লেখ্য যে বিগত বছৰত বাৰিষাৰ সময়ত শান্তিজানৰ মুখখন একাংশ লোকে পুখুৰী খান্দি বন্ধ কৰি দিয়াৰ বাবে বৃহত্তৰ বটদ্রৱা, ভোমোৰাগুৰি, বাটমাৰী, হাইডুবি, ভেটীয়নি আদি গাঁৱৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি কৃত্রিম বানত বুৰ গৈ সম্পূর্ণভাৱে খেতি–বাতি নষ্ট হৈছিল৷ পাছত ৰাইজৰ অভিযোগৰ ভিত্তিত নগাঁও জিলা উপায়ুক্তই শান্তিজানৰ মুখ বন্ধ কৰি নির্মাণ কৰা পুখুৰীবোৰৰ পাৰ কাটি দি জলাধাৰ মুকলিকৈ বৈ যোৱাৰ বাবে উচ্ছেদ কৰিছিল আৰু পুখুৰীৰ পাৰ কাটি দিয়াত পানী প্রৱাহিত হৈছিল৷ বর্তমান ভৰ বাৰিষা নামিবলৈ নৌপাওঁতেই প্রশাসনে পৰিকল্পিতভাৱে আঁচনি লৈ পাৰ আদি বান্ধি শান্তিজানৰ জলধাৰা বোৱাই কুঁজী বিলত পৰাৰ ব্যৱস্থা কৰিলে অতি জটিল সমস্যাটো দূৰ হ’ব যদিও তেনে কোনো ধৰণৰ সু–পৰিকল্পিত ব্যৱস্থা প্রশাসনে আজিও হাতত নোলোৱাৰ সুযোগ গ্রহণ কৰি আহিছে বেদখলকাৰীয়ে৷ শান্তিজানৰ মুখ বন্ধ কৰি মীনপালনৰ নামত অবিজ্ঞানসন্মতভাৱে খন্দা পুখুৰীৰ বাবে বটদ্রৱাৰ জাতীয় জীৱনৰ গৰিমামণ্ডিত ঐতিহাসিক দৌল মন্দিৰলৈ ভাবুকি কঢ়িয়াই আনিছিল৷
বিগত বর্ষত এই দৌল মন্দিৰৰ এখন দেৱাল খহি পৰিছিল পানীৰ ওভতা সোঁতৰ প্রবল ধাৰত৷ আনহাতে, একাংশ স্থানীয় ৰাইজে জনোৱা অভিযোগ অনুসৰি এতিয়াও জনৈক মহম্মদ নামৰ এজন লোকে সেই স্থানত নতুনকৈ আন এটা পুখুৰী খান্দি জটিল সমস্যাটো অতি জটিল কৰাও দেখা গৈছে৷ এনে পৰিপ্রেক্ষিতত সময় থাকোঁতেই নগাঁও জিলাৰ উপায়ুক্তই জৰুৰী ব্যৱস্থা গ্রহণ নকৰিলে শান্তিজানৰ জলধাৰাই অদূৰ ভৱিষ্যতেও ভয়ংকৰভাৱে কৃত্রিম বানৰ সৃষ্টি কৰিব আৰু অনাগত সময়ত গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ লগতে শ্রীশ্রী দৌল মন্দিৰলৈ যে সংকট নমাই আনিব সেয়া নিশ্চিত হৈছে৷