নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ কৃষক মৰ্চাৰ দিছপুৰ মণ্ডলৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ আজি বিজেপিৰ কৃষক মৰ্চাৰ দিছপুৰ মণ্ডল সমিতিৰ দিছপুৰ মণ্ডল কাৰ্যালয় নাৰেংগীত দিনজোৰা কাৰ্য্যসূচীৰে কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে দিছপুৰ মণ্ডল কৃষক মৰ্চাৰ জিলা সভাপতি অৰবিন্দ কলিতাই। উক্ত কাৰ্যসুচীত বিশিষ্ট অতিথি হিচাপে ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ উপসভাপতি ৰঞ্জিত ভট্টাচাৰ্য উপস্থিত থাকে। উক্ত অনুষ্ঠানত ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকৰ কাৰণে লোৱা বিভিন্ন আঁচনিৰ কিদৰে সফল ৰূপায়ন কৰিব পাৰি তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যি এক সপোন কৃষক সকলক স্বাৱলম্বী কৰি অসমখনক কৃষি ক্ষেত্ৰত ভাৰতৰ ভিতৰত এক শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠাপিত কৰাৰ তাৰ ওপৰত আলোকপাত আৰু দিহা পৰামৰ্শ দিয়ে। লগতে কৃষক ৰাইজক একেলগে সংযুক্ত হৈ সমবায় কৃষি পাম কৰিবলৈ আহ্বান জনায়। FCI দ্বাৰা ধান ক্ৰয় বিক্ৰয় কৰি কৃষকসকলে ধানৰ উচিত মূল্য লাভ কৰিৱ সেয়াও অৱগত কৰে। সভাত উপস্থিত থাকে বিশিষ্ট ব্যক্তি তথা ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি তথা গুৱাহাটী মহানগৰ জিলাৰ প্ৰভাৰী ৰঞ্জিত ভট্টাচার্য, ৰাজ্যিক সদস্য হৃষিকেশ কলিতা, জিলা কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক গংগাধৰ দাস, জিলাৰ পৰা দিয়া মৰ্চাৰ প্ৰভাৰী জয়ন্ত কলিতা, গৌতম কলিতা, দিশপুৰ মণ্ডলৰ সভাপতি গণেশ শৰ্মা, সাধাৰণ সম্পাদক জনাৰ্দন শৰ্মা, দূৰ্গা প্ৰসাদকে ধৰি সন্মানীয় ব্যক্তিসকল। লগতে দিছপুৰ মণ্ডল কৃষক মৰ্চাৰ সমূহ কাৰ্য্যকৰ্তা উপস্থিত থাকে। উক্ত সভাত ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে কৰুণা ভাগৱতীয়ে, সাংগঠনিক প্ৰস্তাৱ পাঠ কৰে ৰাতুল কাকতিয়ে, শোক প্ৰস্তাৱ পাঠ কৰে ধৰিত্ৰী কলিতাই।

You might also like