নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী চৰাইৰ কলৰেৱে মুখৰ নগৰবেৰাৰ মন্দিৰা নিছিলামাৰী

নিয়মীয়া বাৰ্তা, ১৯ আগষ্টঃ কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ আৰু মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত মন্দিৰা নিছিলামাৰী গাঁৱত ৰাকেশ বৰ্মন নামৰ এগৰাকী শিক্ষিত উদ্যমী যুৱকে ব্যৱসায়িক ভিত্তিত বিভিন্ন বিদেশী চৰাই পুহি সম্প্ৰতি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে | বিদেশী চৰাই যেনে- ককটেইল পেৰট, অষ্ট্ৰেলিয়ান বদ্ৰি চৰাই, আফ্ৰিকান লাভ বাৰ্ড, ডায়মণ্ড ড’ভ’, ফেনটেইন পিগন (মাছককলি), নান পিগন, পৰ্টাৰ পিগন, আমেৰিকান ৰেণ্ট, ফিল্ডবেক পিগন, জেকোবিন পিগন আদি প্ৰায় ২৫টা প্ৰজাতিৰ বিদেশী পাৰচৰাইৰ উপৰি বিভিন্ন প্ৰজাতিৰ হাঁহ পুহি গঢ়ি তুলিছে এক সুন্দৰ, স্বাধীনচিটিয়া ব্যৱসায়। এযোৰ পাৰচৰাই দুহেজাৰৰ পৰা আৰম্ভ হৈ ১২ হাজাৰ পৰ্যন্ত বিক্ৰী হয় ঘৰৰ পৰাই। নগৰবেৰাৰ মন্দিৰা নিছিলামাৰীৰ যুৱকজন সম্প্ৰতি সৰ্বত্ৰ জনপ্ৰিয় হৈ পৰিছে নিজৰ এই ব্যতিক্ৰমী ব্যৱসায়েৰে।নিজৰ ঘৰত লো’ৰ জালৰ আৱৰণেৰে আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি একাধিক দেশৰ ভাটৌ, পাৰচৰাই আদিৰ ফাৰ্ম এখন খুলি স্বাৱলম্বী হৈছে ৰাকেশ বৰ্মন নামৰ উদ্দ্যমী যুৱকজন।নিছিলামাৰী গাঁৱৰ ৰাকেশ বৰ্মনে ইউটিউব’ত ভিডিঅ’ চাই চাই আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি দেশ সমূহৰ ভাটৌ ,পাৰচৰাই ,হাঁহ আদিৰ ফাৰ্ম খুলি ঘৰতেই চলাই গৈছে সুন্দৰ ব্যৱসায় |চৰাই-চিৰিকটিৰ কলৰৱত অনবৰতে মুখৰিত চুবুৰিটো। চৰাইবোৰক কণী উমনি দিবলৈ সুন্দৰকৈ মাটিৰ টেকেলি আঁৰি বাহ সাজি দিছে। মুঠতে ৰাকেশ বৰ্মনৰ পৰা চৰাই কিনিবলৈ গ্ৰাহকৰ ভিৰ হোৱাৰ উপৰি ৰাজ্যৰ ভিন্ন স্থানলৈ ফাৰ্মৰ ভাটো আৰু বহিঃদেশৰ হাঁহ, পাৰচৰাই বোৰ সৰবৰাহ হয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like