নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুমত যদি মালৰ বটল….. নাহৰৰ দেশত ৰেগিঙৰ বিস্ফোৰক হোৱাটছএপৰ তথ্য ফাদিল

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ পুনৰ এক ভয়ংকৰ ৱাটছ এপ গ্ৰুপৰ মেচেজে কঁপাই তুলিছে ঐতিসাহিক তথা বৌদ্ধিক পীঠস্থান ডিব্ৰুগড় বিশ্ববিদ্যালয়ক। এইবাৰ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পূৰ্বেই কেনেদৰে জ্যেষ্ঠ ছাত্র সকলৰ দ্বাৰা পৰিকল্পনা ৰচিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ ৰেগিং কাণ্ডৰ ঘটনা! কেনেকৈ ৰেগিং কাণ্ডৰ তদন্তৰ সন্দৰ্ভত কতৃপৰ্ক্ষই লোৱা ব্যৱস্থা আগতীয়াকৈ জানিব পাৰিছিল ইত্যাদি ইত্যাদি ন ন তথ্য পোহৰলৈ আহিছে। হয়তো এই মেচেজৰ পৰাই আৰু বহু ছাত্ৰ, প্ৰাক্তন ছাত্ৰ, বিষয়া বা কৰ্মচাৰী শ্ৰীঘেই তদন্তৰ আওঁতালৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এতিয়া এই মেচেজ নিয়মীয়া বাৰ্তাৰ হাতত পৰাৰ লগতে সমগ্ৰতে ভাইৰেল হৈ পৰিছে। …”ৰুমত যদি মালৰ বটল, গুটখাৰ পেকেট, চিগাৰেটৰ পেকেট, জৰদা, চাধা আছে যদি চাফা কৰি পেলা……তহঁতি আজি বেছি নিচিঞৰিবি। আমাক এডমিনিচষ্ট্ৰেচনৰ বহুত মানুহে লগ কৰি, ফোন কৰি অলপ সাৱধানে থাকিবলৈ কৈছে।তেওঁলোকেও নিবিচাৰে আমি ধৰা পৰাতো। সেয়ে অলপ চাই-চিটি দেই”… এনেদৰেই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভয়ংকৰ তথা জঘন্য ৰেগিং কাণ্ডৰ বহু বিস্ফোৰক ৱাটছ এপৰ তথ্য ফাদিল কৰিছে ৰেগিঙৰ বলি হৈ চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাৰ বায়েক মনীষা শৰ্মাই। এই সকলো তথ্য ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিএনজিবিৰ ৱাটছ এপ গ্ৰুপত বিয়পি পৰাত আজি সাংবাদিকৰ আগত স্পষ্ট ভাষাৰে বায়েক মনীষাই কয় যে কোন সেই গৰাকী এডমিনিচষ্ট্ৰেচনৰ মানুহ, যিগৰাকীয়ে আনন্দৰ অভিযোগ পিএনজিবি হোষ্টেলত ভাইৰেল কৰি দিছিল? তেওঁ বা তেওঁলোকে কিয় সকলো ভাইৰেল কৰিছিল? আনন্দই অভিযোগ দিয়া বুলিও সকলোকে তেওঁ বা তেওঁলোকে জনাইছিল কিয়? সেয়ে তেওঁ যিমানেই ক্ষমতাশালী নহওক কিয়, শাস্তি পাবই লাগে।তাৰোপৰি আনন্দৰ ৰেগিং সন্দৰ্ভত ১৭ নৱেম্বৰত অভিযোগ পোৱাৰ পাছত ১৮ নৱেম্বৰত তাৰিখে এখন মিটিং দিছিল।কিন্তু মিটিংখন দিনত বা আবেলি নিদি, নিশা ৯ মান বজাত পিএনজিবিৰ ৱাটছ এপ গ্ৰুপত এটা মেচেজ আহিল যে হোষ্টেলৰ ‘চি’ ব্লকৰ ৱাৰ্ডেনক কোনে অভিযোগ দিলি? তেওঁ পুনৰাই কয় যে সদ্য নিৰ্বাচিত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰুৱাই সকলো নীৰিক্ষণ কৰি হোষ্টেলৰ পহৰাদাৰী কৰিছিল। হোষ্টেললৈ ৱাৰ্ডেন অহাৰ খবৰ উজ্জ্বল অংকুৰ বৰুৱাই আগতীয়াকৈ হোষ্টেলৰ সকলোকে গ্ৰুপত জনাই দিছিল বুলিও অভিযোগ কৰি জ্যোতি টায়ে নামৰ ছাত্ৰগৰাকীয়ে গ্ৰুপত মদৰ বটল,গুটখা আদি ছাফা কৰি থবলৈকো কোৱা বুলি উল্লেখ কৰে।আনহাতেদি ইউ জি চিৰ হেল্প লাইনৰ পৰা আনন্দলৈ আজি ফোন কৰাত, যোৱা ১৯ অক্টোবৰতে ৰেগিং সৰ্ম্পকত দিয়া অভিযোগৰ ওপৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি এনে পৰিস্থিতিৰ সন্মুখীন হব লগা হোৱা বুলি আনন্দই কোৱাত ইউ জি চিয়ে ক্ষমা বিছৰা বুলিও জানিবলৈ দিয়ে আনন্দৰ বায়েক মনীষা আৰু পূজা শৰ্মাই। আনহাতেদি হোষ্টেলত জুনিয়ৰ, চিনিয়ৰ আৰু চুপাৰ চিনিয়ৰ ছাত্ৰই অবৈধভাবে প্ৰৱেশ কৰি বহুত অনৈতিক কাৰ্যকলাপত লিপ্ত হোৱাৰ বিষয়ে ইউ জি চিক আনন্দ শৰ্মাই অভিযোগ কৰে বুলিও বায়েক দুগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰি কয় যে প্ৰয়োজন হলে ইউজিচিৰ আৰু বিশ্ববিদ্যালয়ৰ কতৃপক্ষৰ বিৰুদ্ধেও উচ্চ ন্যায়লয়ৰ কাষ চাপিব পাৰে বুলিও ইউজিচিক জানিবলৈ দিয়ে।আনহাতেদি যোৱা ১৭ নৱেম্বৰত হোষ্টেলত কেনেকৈ ৰেগিং কৰা হয়, কিমান অশ্লীল শব্দ প্ৰয়োগ কৰা হয়,তাৰ সমস্ত বিবৰি ৱাৰ্ডেনক প্ৰায় এক ঘন্টাৰ এটা অডিঅ’ আৰু ভিডিঅ’ ক্লিপ আনন্দই দিয়া বুলি অভিযোগ কৰি সেই ক্লিপটো তেওঁলোকক জমা দিবলৈকো আহৱান জনায়।তাৰোপৰি প্ৰাক্তন সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী দুঘণ্টাৰ বাবেহে পিএনজিবি হোষ্টেলত থকা বুলি ৱাৰ্ডেনে কৰা মন্তব্যক নস্যাৎ কৰি বায়েক মনীষাই দাবী কৰে যে আনন্দই প্ৰকাশ কৰা মতে সমগ্ৰ নিশা ৰাহুল চেত্ৰী পিএনজিবিৰ হোষ্টেলতে আছিল। ইফালে দুয়োগৰাকী বায়েকে আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰেগিঙৰ লগত জৰিত সকলো সৰু-ডাঙৰ মানুহ বা ছাত্ৰ সকলে কঠোৰতম শাস্তি পোৱাৰ দাবী জনাই।আজিৰ এই তথ্য অনুসৰি আনন্দ শৰ্মাই যোৱা ১৭ নৱেম্বৰতে ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতে পিএনজিবিৰ ৱাটচ’এপ গ্ৰুপত আহিছিল অভিযোগ দিয়াৰ খবৰ।কোন ছাত্ৰই ৰেগিং সন্দৰ্ভত কতৃপৰ্ক্ষলৈ অভিযোগ দিছিল,সেই বিষয়ে তদন্তৰ পূৰ্বেই আগতীয়াকৈ ভাইৰেল হৈছিল।ইয়াৰ পিছতে আনন্দ শৰ্মাৰ ওপৰত অত্যাধিক নিৰ্যাতনৰ পৰিকল্পনা চলিছিল।ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক উজ্জ্বল অংকুৰ বৰাই হোষ্টেলৰ গেটত ৰৈ প্ৰতিটো খবৰ যোগান ধৰিছিল ৰেগিং কাণ্ড সংঘটিত কৰা সকলক। যিটো ৱাটছ এপ মেচেজৰ কথোপকথনত উজ্জ্বল অংকুৰ বৰা জড়িত থকাৰ স্পষ্ট প্ৰমানিত হৈছে। যোৱা ২৬ নৱেম্বৰৰ ভয়ংকৰ শিহৰণকাৰী ঘটনাৰ পিছতে ৱাটচ এপ গ্ৰুপৰ পৰা ৰিম’ভ কৰা হৈছিল আনন্দ শৰ্মাক। ইফালে ৰেগিং সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অনুমোদন আয়োগলৈও (UGC) আনন্দ শৰ্মাই দিছিল লিখিত অভিযোগ।যোৱা ১৯ অক্টোবৰতে UGCক দিয়া অভিযোগৰ পিছতো আজিকোপতি কোনো ব্যৱস্থা নল’লে UGC কৰ্তৃপক্ষই। আনহাতে শেহতীয়াকৈ ১৭ নৱেম্বৰত দিয়া অভিযোগ সন্দৰ্ভতো নললে কোনো ব্যৱস্থা।যাৰ বাবে অকৰ্থ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি হোষ্টেলৰ তিনি মহলাৰ ওপৰৰ পৰা মৰণ-পণ জাপ মাৰিছিল আনন্দ শৰ্মাই।আনহাতে বৰ্তমান লৈকে বিশ্ববিদ্যালয়ৰ এণ্টি ৰেগিং কমিটিয়ে মাত্ৰ সাত জনক কঠোৰতম শাস্তি প্ৰদান কৰা লগতে আৰক্ষীয়ে সাত জনক গ্ৰেপ্তাৰ কৰিছে যদিও এই পৰ্যন্ত কাৰ গাফিলতীৰ বাবে এনে ভয়ংকৰ ৰেগিং কাণ্ড সংঘটিত হবলৈ পালে সেই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।আনন্দ শৰ্মাৰ পৰিয়াল বৰ্গই আনন্দ শৰ্মাৰ উচিত ন্যায় স্বাৰ্থত বিশ্ববিদ্যালয়ৰ কতৃপৰ্ক্ষ আৰু আৰক্ষী বিভাগক সকলো তদন্ত কৰাৰ দাবী জনাইছে। ইতিমধ্যে আৰক্ষীয়ে আনন্দ শৰ্মাৰ স্বাস্থ্য কিছু উন্নতি হোৱাত আৰক্ষীৰ তদন্ত কাৰী দলে আনন্দ শৰ্মাৰো ভাষ্য গ্ৰহণ কৰে।আনন্দ শৰ্মাৰ ভাষ্যৰ পাছতে আৰু বহুতো লোক আৰক্ষী জালত পৰা সম্ভাৱনা স্পষ্ট হৈ পৰিছে।স্বাভাবিকতেই সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে যদিহে পিএনজিবিৰ (পদ্মনাথ গোহাঞি বৰুৱা) হোষ্টেলৰ ‘চি’ ব্লকৰ অধিকাংশ ছাত্ৰই ৰেগিঙত জৰিত হয়, তেন্তে হোষ্টেল বা বিশ্ববিদ্যালয়ৰ পৰা সেইসকলক অপসাৰণ কৰিলেই দীৰ্ঘকালীন সমস্যাৰ অৱসান হবনে? সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

প্ৰেৰক বিভাস দুৱৰা।

You might also like