নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাট আৰক্ষীৰ জালত নকল সোণৰ নাওসহ সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : ৰূপহীহাটত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুলাৰাম তেৰাঙে এক গোপন সূত্ৰৰ পম খেদি ৰূপহীহাটৰ ঔ-অনাত নকল সোণৰ বিৰুদ্ধে চলায় এক অভিযান ৷ আৰক্ষীয়ে ৰূপহীহাট ঔ-অনাৰ চুলতান বাদশাহৰ ঘৰত চলায় এই অভিযান৷ আৰক্ষীৰ অভিয়ানত এটা নকল সোণৰ নাওসহ আটক এটা সৰবৰাহকাৰী৷ ধৃত সৰবৰাহকাৰীটো লখিমপুৰৰ ইউছুফ আলী বুলি জানিব পৰা গৈছে৷ আৰক্ষী যোৱাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে নকল সোণৰ ব্যৱসায়ীক ৰক্ষণাবেক্ষণ দিয়া চুলতান বাদশা৷ ধৃত নকল সোণৰ ব্যাৱসায়ীটোক অধিক তথ্যৰ বাবে ৰূপহীহাট আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like