নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত খেতিপথাৰত জুই, বিনষ্ট শস্য, ক্ষতিগ্ৰস্ত কৃষকৰ হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৯ ডিচেম্বৰ : ৰঙিয়াৰ তুলসিবাৰীৰ মাৰলী থানৰ বৃহৎ কৃষি পথাৰত আজি অগ্নিকাণ্ড সংঘটিত হয়। জুইৰ লেলিহান শিখাত জাহ যায় কেবা বিঘা কৃষিভূমিৰ শস্য। এনে আচম্বিত ঘটনাত ক্ষতিগ্ৰস্ত খেতিয়কৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। উক্ত পথাৰত আজি দিনৰ ভাগত হঠাৎ জুই লাগে। লগে লগে একাংশ প্ৰত্যক্ষদৰ্শীয়ে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে। কিন্তু তেতিয়া কেইবা বিঘা মাটিৰ ধান খেতি সম্পূৰ্ণ ৰূপে জাহ যায়। এই ঘটনাত দৰিদ্ৰ খেতিয়ক অনিল কলিতা, ৰবীন কলিতা, হৰকান্ত কলিতা, বাপুকন ৰাজবংশী, মন্টু ৰাজবংশী আৰু সদানন্দ ৰাজবংশী নামৰ কৃষক কেইগৰাকী ক্ষতিগ্ৰস্ত হয়। বান আৰু খৰাঙৰ প্ৰকোপকো নেওচি কৃষকসকলে কৃষিকাৰ্য সম্পাদন কৰাৰ পাছত এনেদৰে ক্ষতিসাধন হোৱাত হতাশ হৈ পৰে। জহা, বৰো ধানকে ধৰি বিবিধ মূল্যবান সোনগুটি চকুৰ পচাৰতে জুইত জাহ গৈ ছাই হৈ পৰাত অন্ধকাৰ নামি আহিছে ক্ষতিগ্ৰস্ত কৃষকসকলৰ জীৱনলৈ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like