নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা পলাল ৫ কয়দী

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  তিতাবৰ মহকুমাৰ একমাত্র ক’ভিড চেণ্টাৰৰ পৰা যোৱানিশা পাঁচটা কুখ্যাত অপৰাধী পলায়ন কৰাক লৈ তিতাবৰত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ক’ৰোনা সংক্রমিত হৈ থকা কয়দীকেইটাৰ পলায়নৰ পাছতেই শংকা আৰু আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ৷

জানিব পৰা মতে, যোৱা ১১ জুলাইৰ পৰা ১৬ জুলাইলৈ যোৰহাট জিলা কাৰাগাৰৰ অধীনৰ জুভেনাল চেণ্টাৰৰ পৰা পৃথকে পৃথকে মুঠ ১১টা কিশোৰ অপৰাধীক তিতাবৰত থকা ক’ভিড কেয়াৰ চেণ্টাৰলৈ প্রেৰণ কৰে যোৰহাট জিলা কাৰাগাৰ কর্তৃপক্ষই৷ সাধাৰণ ৰোগীৰ দৰেই ১১ জুলাইৰ পৰা ১৬ জুলাই পর্যন্ত ক’ৰোনা আক্রান্ত কিশোৰকেইটাক ক’ভিড চেণ্টাৰত চিকিৎসা প্রদান কৰি থকা হয়৷ কিন্তু যোৱানিশা পাঁচটা কিশোৰ অপৰাধীয়ে পলায়ন কৰে৷ চেণ্টাৰৰ দায়িত্বত থকা এগৰাকী নার্ছ আৰু এগৰাকী আৰক্ষী জোৱানৰ পৰা জনা মতে, নিশা ১২ বজালৈকে ভাত–পানী খাই সকলো নিজৰ নিজৰ বিছনাত শুই আছিল আৰু উক্ত ৰুমৰ লগতে মূল গেট সম্পূর্ণ বন্ধ আছিল৷ তিনি মহলীয়া বিল্ডিঙৰ মাজৰ ফ্লৰত আছিল কয়দীকেইটা৷

ক’ৰোনা সংক্রমণ হৈ থকা কয়দীকেইটা পলাই গৈ ক’ত সোমাব বা ক’ত ক’ত ঘূৰি ফুৰি সংক্রমণ বৃদ্ধি কৰিব তাক লৈ উদ্বিগ্ন হৈ পৰিছে তিতাবৰৰ জনতা৷ উক্ত ঘটনাটো সকলো পক্ষই গোপন কৰিব বিচাৰিছিল যদিও সাংবাদিকসকলৰ বাবে সেয়া সম্ভৱ নহ’ল৷ পলাতক কিশোৰকেইটা হৈছে উমৰ ভূঞা (১৭), ৰোহিত হীৰা (১৭), বিষ্ণু গোৱালা (১৫), চুনু বৰা (১৬) আৰু চাইদুল আলম (১৭)৷ এই আটাইকেইটা হত্যা, ধর্ষণ, ড্রাগ্ছ আৰু নাৰী কেলেংকাৰিত জড়িত বুলি জনা গৈছে৷

উল্লেখ্য যে জিলা কাৰাগাৰৰ অধীনৰ লিচুবাৰীস্থিত জুভেনাল চেণ্টাৰৰ পৰা প্রেৰণ কৰা এই অপৰাধীসকলৰ ঠিকনাত কেৱল যোৰহাট জে’ল বুলি উল্লেখ থকাৰ পাছতো কোনো ধৰণৰ উচিত নিৰাপত্তাৰ চিন্তা নকৰাটো ৰহস্যজনক৷ তিতাবৰ মহকুমা প্রশাসন, আৰক্ষী প্রশাসন আৰু চিকিৎসা বিভাগক কিয় কোনো ধৰণৰ বার্তা প্রেৰণ নকৰিলে যোৰহাট জিলা কাৰাগাৰ কর্তৃপক্ষ বা জিলা প্রশাসনে, সেয়াও এক জটিল প্রশ্ন হৈ পৰিছে৷

You might also like