নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ প্রতিষ্ঠানৰ ২.৪৬ কোটি আত্মসাৎ কৰা চাৰি প্রৱঞ্চকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৮ জুলাই:  তাই আহোম উন্নয়ন পৰিষদৰ নামত ৩০ কোটি ভুৱা ঠিকা আবণ্টন দি দিছপুৰ আৰক্ষীৰ জালত পৰিল চাৰি প্রৱঞ্চক৷ ধৃত প্রৱঞ্চককেইটা ক্রমে মেৰাজ ৱাছিকুৰ ৰহমান (৫০), ছাহানুৰ আলী (৩৯), মাছুদ ইক্রামুল মাজিদ (৪৫) আৰু গীতার্থ গৌতম বৰা (২৮)৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মেৰাজ ৱাছিকুৰ ৰহমানে নিজকে তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ধীৰেন গগৈ ওৰফে বিমান গগৈ বুলি পৰিচয় দি ৩০ কোটিৰ ঠিকা প্রদানৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্রহ কৰিছিল৷ মৰিয়া উন্নয়ন পৰিষদৰ সদস্য মেৰাজ ৱাছিকুৰ ৰহমানে অতি পৰিকল্পিতভাৱে তাই আহোম উন্নয়ন পৰিষদৰ ৩০ কোটিৰ ঠিকা প্রদানৰ নামত মেলিছিল প্রৱঞ্চনাৰ জাল৷ মেৰাজ ৱাছিকুৰ ৰহমানে চাৰি সহযোগীৰ সৈতে মিলি তাই আহোম উন্নয়ন পৰিষদৰ নামত ৩০ কোটিৰ ভুৱা ঠিকা দিল্লীৰ এন ভি আৰ এণ্ড এছ’চিয়েট লিমিটেডক প্রদানৰ প্রতিশ্রুতি প্রদান কৰিছিল৷ ৩০ কোটিৰ ঠিকা প্রদানৰ কমিছন হিচাপে এটা মোটা অংকৰ ধন ঠিকাদাৰী প্রতিষ্ঠানটোৰ পৰা মেৰাজ ৱাছিকুৰ ৰহমান বাহিনীয়ে আদায় লৈছিল৷ দিল্লীৰ এন ভি আৰ এণ্ড এছ’চিয়েট লিমিটেডক ব্লেংকেট আৰু আঁঠুৱা বিতৰণৰ বাবে এক কোটি টকাৰ ঠিকা আবণ্টন দিছিল৷ ২০১৯ চনৰ পৰাই এই ঠিকাদাৰী প্রতিষ্ঠানটোৰ সৈতে সু–সম্পর্ক ৰক্ষা কৰি ৱাছিকুৰ ৰহমান বাহিনীয়ে কিস্তি হিচাপে ১৫–২০ লাখকৈ টকাৰ কমিছন লৈ সর্বমুঠ ২.৪৬ কোটি টকা প্রতিষ্ঠানটোৰ পৰা আদায় কৰিছিল৷

ইফালে ঠিকাদাৰী প্রতিষ্ঠান এন ভি আৰ এছ’চিয়েটে ৱাছিকুৰ বাহিনীয়ে প্রদান কৰা ঠিকা ভুৱা বুলি নিশ্চিত হোৱাত মহানগৰ আৰক্ষীৰ শীর্ষ বিষয়াৰে যোগাযোগ কৰে৷ মহানগৰ আৰক্ষীয়ে কৰা পৰিকল্পনা মতে, কালি ঠিকাদাৰী প্রতিষ্ঠানটোৱে প্রৱঞ্চক ৱাছিকুৰ বাহিনীক ৯০ লাখ টকা আদায় দিবলৈ আহে৷ প্রৱঞ্চক মেৰাজ ৱাছিকুৰ ৰহমানে দিছপুৰ গণেশ মন্দিৰৰ সমীপৰ পৰা ৯০ লাখ টকা নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে ৱাছিকুৰসহ চাৰিজনক আটক কৰে৷ দিছপুৰ থানাত ঠিকাদাৰী প্রতিষ্ঠানটোৰ হৈ চন্দ্রপ্রকাশ ৱাৰিয়াই প্রৱঞ্চক ৱাছিকুৰ বাহিনীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪৭১/৪১৯/৪৬৮/১২০ (বি) ধাৰাৰ অধীনত ২৫৬০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি প্রৱঞ্চককেইটাক গ্রেপ্তাৰ কৰে৷ ধৃত প্রৱঞ্চক মেৰাজ ৱাছিকুৰ ৰহমানৰ ভেটাপাৰাৰ ব্রহ্মপুত্র হাউছিং কমপ্লেক্সৰ বাসভৱনত অভিযান চলাই বহু জাল নথি–পত্র জব্দ কৰে৷ ধৃত ৱাছিকুৰে ধীৰেন গগৈ ওৰফে বিমান গগৈ বুলি পৰিচয় দিয়াৰ লগতে ৰুদাক্ষৰৰ মালা পিন্ধি নিজকে হিন্দু সজাইছিল৷

অভিযানকাৰী দলটোৱে ছাহানুৰ আলী, মাছুদ ইক্রামুল মাজিদ আৰু গীতার্থ গৌতম বৰাৰ বাসভৱনতো অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ধৃত প্রৱঞ্চক ৱাছিকুৰ বাহিনীৰ পৰা এ এছ–০১ ই এছ–২৬২২ আৰু এ এছ–০১ কে চি–৬১১৩ নম্বৰৰ দুখন বিলাসী বাহনৰ লগতে এন ভি আৰ এণ্ড এছ’চিয়েট লিমিটেডৰ নামত কটা ১০ কোটি টকাৰ এখন চেক আৰু বৈষ্ণৱী এণ্টাৰপ্রাইজৰ নামত ৭ কোটি টকাৰ আন এখন এক্সিছ বেংকৰ চেক জব্দ কৰে৷ বহু ৰাজনৈতিক নেতাৰ ঘনিষ্ঠ বুলি পৰিচয় দি বিগত ১০/১২ বছৰ ধৰি প্রৱঞ্চক মেৰাজ ৱাছিকুৰ ৰহমানে বিভিন্নজনৰ পৰা প্রলোভনেৰে কোটি কোটি টকা আত্মসাৎ কৰি অহাৰো অভিযোগ উত্থাপন হৈছে৷

You might also like