নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামজিং সংৰক্ষিত বনাঞ্চলৰ চিমেন চাপৰি সামাজিক বনানীকৰণত থিতাপি লৈছে জোনাইৰ গালী, বৰং অঞ্চলৰ ৯৫ টা বানাক্ৰান্ত পৰিয়াল

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ গালী চিকাৰী আৰু লাইমেকুৰী গাওঁ পঞ্চায়তৰ টা বানাক্ৰান্ত পৰিয়ালে জামজিং সংৰক্ষিত বনাঞ্চলৰ চিমেন চাপৰি সামাজিক বনানীকৰণৰ ভূমিত থিতাপি ল’বলৈ অহা পৰিস্থিতিয়ে চিমেন চাপৰিৰ বিভিন্ন সংগঠনৰ লগতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লালী নদীৰ প্ৰলয়ংকাৰী বান-খহনীয়াই কেবাবছৰো ধৰি বিধ্বস্ত কৰি অহা জোনাই ৰাজহ চক্ৰৰ গালী চিকাৰী গাওঁ পঞ্চায়তৰ গালীঘাট অঞ্চলৰ জীয়াঢল, মুদৈ, দেবেৰা, মুনিমুনি কুটুম, চৰাইবাৰী গাঁৱৰ লগতে লাইমেকুৰী গাওঁ পঞ্চায়তৰ বৰং অঞ্চলৰ মধ্যপুৰ, তিনিসূঁতি, এৰাসূঁতি, বুঢ়ীসূঁতি, বৰং চৰাইবাৰী গাঁৱৰ টা বানাক্ৰান্ত পৰিয়ালে কেইদিনমানৰ আগতে চিমেন চাপৰিৰ চৰকাৰী সামাজিক বনানীকৰণৰ ভূমিত হাবি জংঘল কাটি বেদখলেৰে অস্থায়ীভাবে জুপুৰি সাজি থাকিবলৈ লয়।

এনে পৰিস্থিতিৰ মাজতে কালি পৰা চিমেন চাপৰিৰ বিভিন্ন সংগঠনে চিমেন চাপৰিৰ বৃহত্তৰ ভবিষ্যতৰ স্বাৰ্থত ইয়াৰ বিৰোধীতা কৰি জোনাই মহকুমা প্ৰশাসনক চিমেন চাপৰি উন্নয়ন সমিতিৰ নেতৃত্বত স্মাৰক পত্ৰ প্ৰদান কৰে। আজি জোনাই মহকুমাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ত এখন সভা অনুষ্ঠিত হয় মহকুমা প্ৰশাসন, বিভিন্ন সংগঠন আৰু বানাক্ৰান্ত ৰাইজৰ মাজত। জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতি, ধেমাজি জিলাৰ জিলা উন্নয়ন আয়ুক্ত দিপাঙ্কৰ দাস, অতিৰিক্ত সহকাৰী আয়ুক্ত সৌভিক ভূঞা, জোনাই মহকুমা আৰক্ষী বিষয়া ঋতুৰাজ দলে, চিমেন চাপৰি আৰক্ষী থানাৰ চক্ৰ পৰিদৰ্শক ৰাজু গগৈৰ উপস্থিতিত চিমেন চাপৰি উন্নয়ন সমিতিৰ উপ সভাপতি মলেন্দ্ৰ নাৰ্জাৰী, সম্পাদক জোনটি ৰাইদঙীয়া, বিষয়ববীয়া ৰাজেন বৰুৱা, চিমেন চাপৰি আছুৰ সাধাৰণ সম্পাদক নিপু গগৈ, উপদেষ্টা সঞ্জীৱ দাস, ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,চিমেন চাপৰি আটাছুৰ সভাপতি কিৰণ দিহিঙ্গীয়া আৰু বানাক্ৰান্ত ৰাইজৰ মাজত আলোচনা অনুষ্ঠিত কৰা হয়। সভাত জোনাই ৰাজহ চক্ৰৰ গালী, বৰং অঞ্চলত সঠিক জৰীপৰ দ্বাৰা বানাক্ৰান্ত পৰিয়ালক চিনাক্ত কৰি পুনঃস্থাপন কৰালৈ বানাক্ৰান্ত পৰিয়ালক প্ৰশাসনে আশ্ৰয় শিবিৰত ৰখাৰ ব্যৱস্থা কৰা, চিমেন চাপৰিৰ চৰকাৰী ভূমি জৰীপৰ কাম হাতত লৈ বেদখলৰ মুক্ত কৰি সংৰক্ষণৰ ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লগতে জোনাই মহকুমাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত সৌভিক ভূঞাক চিমেন চাপৰিৰ চৰকাৰী ভূমিত থিতাপি লব বিচৰা বানাক্ৰান্তক আশ্ৰয় প্ৰদানৰ বাবে ব্যৱস্থা হাতত লবলৈ দায়িত্ব প্ৰদান কৰা হয় ।।

উল্লেখ্য যে জামজিং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত চিমেন চাপৰি সামাজিক বনানীকৰণৰ ভূমি খণ্ড চিমেন চাপৰিত নিৰ্মাণ হবলগা প্ৰস্তাৱিত কৃষি বিজ্ঞান কেন্দ্ৰৰ নামত অনুমোদন হৈ আছে বুলি জানিব পৰা গৈছে।

You might also like