নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসংগীত সন্মিলনত দিল্লীত উজলিল অসমৰ লোক-সংস্কৃতি

বিশেষ বাৰ্তা, ২১ আগষ্টঃ দেশৰ ভিতৰতে অতি সম্ভ্ৰান্ত আৰু গৌৰৱোজ্জ্বল নতুন দিল্লীৰ ইণ্ডিয়ান হেবিটা চেণ্টাৰৰ দ্বাৰা আয়োজিত লোকসঙ্গীত সন্মিলন ২০২৪ উজলি উঠিল অসমৰ দলটো। ইণ্ডিয়ান হেবিটাত চেণ্টাৰত যোৱা ১৭ আৰু ১৮ আগষ্টত অনুষ্ঠিত হোৱা ১৬তম সংস্কৰণত অংশগ্ৰহণ কৰে উত্তৰাখণ্ড আৰু অসমৰ সাংস্কৃতিক দলে। শ্ৰীমন্ত মাধৱ দত্ত নেতৃত্বত যোৱা অসমৰ দলটিক প্ৰতিনিধিত্ব কৰে অসমৰ জনপ্ৰিয় ওজা প্ৰিয়াংকী শইকীয়া, বিশিষ্ট লোক শিল্পী মুকুন্দ মাধৱ বৰা, মানসী বৰুৱা বৰা আৰু মৃন্ময় বৰাই। অসমৰ চহকী লোক কৃষ্টিৰ বিহু, কামৰূপীয়া গীত, গোৱালপৰীয়া গীত, জিকিৰ, ৰাসৰ গীত, নিচুকনি গীত, আইনাম, টোকাৰী গীত, বিয়ানাম, ওজাকে ধৰি প্ৰায় ৯০ মিনিটৰ অনুষ্ঠানত অসমৰ দলটিয়ে উপস্থিত সকলো দেশী-বিদেশী দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। মূলতঃ প্ৰিয়াংকী শইকীয়াৰ ঢোল, খোল আৰু নাগৰাক কেন্দ্ৰ কৰি হোৱা অনুষ্ঠানটিত মুকন্দমাধৱ বৰাৰ নিখুঁত পৰিচালনা আৰু তেখেতৰ বিভিন্ন লোকবাদ্যৰ ব্যৱহাৰ আছিল অভূতপূৰ্ব। উদীয়মান শিল্পী মৃন্ময় বৰাৰ বাঁহীবাদন আৰু মানসী বৰুৱা বৰাৰ কণ্ঠৰ সকলোৱে শলাগ লয়। অনুষ্ঠানৰ শেষত উপস্থিত সকলো অসমৰ দলটোক উপস্থিত ৰাইজে অভিবাদন জনায়। অসমৰ চহকী লোক কৃষ্টিৰ ঢোল, খোল, নাগাৰা, মহৰ শিঙৰ পেঁপা, বীণা, টোকাৰী আদিকে ধৰি প্রায় ৩০টাতকৈ অধিক বাদ্যযন্ত্ৰ একত্ৰিত কৰি নিখুঁত পৰিচালনা কৰে প্ৰিয়ংকী শইকীয়া আৰু মুকুন্দ মাধৱ বৰাই। এই দলটিৰ পৰিকল্পনা, ব্যৱস্থাপনা আৰু প্ৰযোজনা সাংস্কৃতিক আৰু সামাজিক কৰ্মী শ্ৰীমন্ত মাধৱ দত্তৰ। অনাগত দিনত সমগ্ৰ বিশ্বই অসমীয়া লোকবাদ্যসমূহক সহজে চিনি পাবলৈ  ডিজিটেল মাধ্যমত উপলব্ধ কৰাৰ বাবে এটা প্ৰকল্প হাতত লোৱাৰ কথা শ্ৰীমন্ত মাধৱ দত্তই জানিবলৈ দিয়ে। এইক্ষেত্ৰত দিল্লীৰ “ৰাহে ঘৰাণা”নামৰ এটা অনুষ্ঠানো আগবাঢ়ি আহিছে বুলি জানিবলৈ দিয়ে।
প্ৰেৰক ৰঞ্জিত ভূঞা
You might also like