নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে বিশ্বনাথত এজাহাৰ দাখিল

বিশেষ বাৰ্তা, ২৯ আগষ্টঃ সামাজিক মাধ্যমত এক বিতৰ্কিত পোষ্ট দি সমালোচনাৰ সন্মুখীন হৈছে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মা। যিকোনো মুহূৰ্ততে আৰক্ষীৰ জবাবদিহি হ’ব পাৰে এন আৰ চিৰ প্ৰাক্তন সমন্বয়কগৰাকী। কিয়নো হিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নাজিৰ আহমেদে আজি বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল কৰিছে। অভিযোগ মতে সামাজিক মাধ্যম ফেচবুকত বিতৰ্কিত আৰু অ-সাংবিধানিক মন্তব্য কৰি বিতৰ্কত সোমাই পৰিছিল হিতেশ দেৱশৰ্মা। আজি হিতেশ দেৱশৰ্মাই উচটনিমূলক পোষ্ট লিখাৰ অভিযোগ তুলি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এজাহাৰ দাখিল কৰি শীঘ্ৰেই আৰক্ষীয়ে তদন্ত কৰি হিতেশ দেৱশৰ্মাক গ্ৰেপ্তাৰৰ দাবী তুলিছে। অভিযোগ অনুসৰি এনআৰচিৰ প্ৰাক্তন সমন্বয়কগৰাকীয়ে মেধাবী শিক্ষাৰ্থীক স্কুটি আৰু নিযুত মইনা আঁচনিৰ পৰিৱৰ্তে চৰকাৰে .২২ব’ৰৰ পিষ্টল হাতত দিব লাগে বুলি ফেচবুকত বিতৰ্কিত পষ্ট লিখিছিল।

প্ৰেৰক জয়ন্ত বৰা

You might also like