নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ ‘আমাৰ অসমত মহাপুৰুষ শংকৰদেৱে যি সংগীতৰ ধাৰা দি গ’ল, সেই ধাৰাই অসমৰ সংস্কৃতিক গৌৰৱ পূৰ্ণ কৰি ৰাখিছে। আমাৰ সংস্কৃতিৰ মুল ধাৰাটোৱেই হ’ল শংকৰী সংস্কৃতি।” অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃতি প্ৰাপ্ত যোৰহাটৰ অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসত মহাবিদ্যালয়ৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰি উলিওৱা বাৰ্ষিক মুখপত্ৰ ‘সত্ৰীয়ান’উন্মোচন কৰি এনেদৰে ভাষণ প্ৰদান কৰে শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° ৰাতুল চন্দ্ৰ বৰাই।অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা বাৰ্ষিক মুখপত্ৰ ‘সত্ৰীয়ান’ উন্মোচন কৰি ড° বৰাই পুণৰ মনৰ অনুভৱ ব্যক্ত কৰি কয় যে এখন মহাবিদ্যালয়ৰ মুখপত্ৰ মহাবিদ্যালয়খনৰ ইতিহাস। মহাবিদ্যালয়ৰ খোল বাদ্যৰ সংগতকাৰী যতীন্দ্ৰ মহন্তই আত ধৰা সভাখনত মহাবিদ্যালয়খনৰ ২৬ বছৰীয়া এক অবিৰত যাত্ৰাক শলাগ লৈ প্ৰাক্তন পঞ্জীয়কগৰাকীয়ে সংগীত মহাবিদ্যালয় খন অসমৰ বিদ্যায়তনিক দিশৰ এক মহৎ সংযোজন বুলি উল্লেখ কৰে। বৰ্তমান সময়ত এই সংগীত ধাৰাটোক বিদ্যায়তনিক অধ্যয়নৰ বাবেই এই সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হৈছিল বুলিও উল্লেখ কৰে। অধ্যাপক নিৰ্মল গোস্বামী স্মৃতি প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাখন উদ্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহকাৰী গৱেষণা বিষয়া অমৰজ্যোতি কলিতাই। সভাখন উদ্বোধন কৰি সহকাৰী গৱেষণা বিষয়া গৰাকীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে জীৱনত আমি সফল হ’বলৈ আমাৰ নিজৰ বিষয়বস্তুক দখল কৰিলেহে সফল হ’ব পাৰিম। গতিকে ছাত্ৰ ছাত্ৰী সকলে নিজৰ বিষয়বস্তুৰ প্ৰতি গুৰুত্ব দি আগবাঢ়িলে নিজৰ যাত্ৰাৰ পথত সফল হ’ব পাৰিব। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শাৰংগপাণি বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ সভাতে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বিশিষ্ট সাহিত্যিক ড° নিৰূপমা মহন্তৰ কথা আৰু বিশিষ্ট শিল্পী মৃদুল ভূঞাৰ সুৰেৰে সজোৱা মহাবিদ্যালয় সংগীতটি আজিৰ সভাতে ছাত্ৰ ছাত্ৰী সকলে পৰিৱেশন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ অধ্যাপক ড°যাদব বৰা, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ প্ৰাক্তন অধ্যক্ষ ড° জগন্নাথ মহন্তৰ সহধৰ্মিনী তথা প্ৰাক্তন শিক্ষয়িত্ৰী অঞ্জনা মহন্ত, প্ৰতিষ্ঠা কালৰ পৰা মহাবিদ্যালয়ৰ লগত ওতপ্ৰোত ভাৱে জড়িত ৰাজকুমাৰ দূৱৰা, জয়ন্ত নাথকে মুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি আজিৰ সভাত উপস্থিত থাকে। ইপিনে পুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শাৰংগপাণি বৰদলৈয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভৱ গোস্বামীয়ে। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বৰ্তমানৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থকা আজিৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গায়ন-বায়ন, সত্ৰীয়া নৃত্য, খোলৰ স্বতন্ত্ৰ বাদন, ভজন, আধুনিক গীত, সৃষ্টিশীল নৃত্য,মুকাভিনয়ৰ লগতে ঢোল বাদন পৰিৱেশন কৰে।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like