নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত ১,৫৭৫ কোটি ব্যয়সাপেক্ষ ১৪টাকৈ প্রকল্পৰ শিলান্যাস-উদ্বোধন মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰঃ বিকাশৰ বাবে এটা পষেক কার্যসূচীৰ অধীনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ভ্রমণ কৰি গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালকে ধৰি ১৩টা প্রকল্পৰ আধাৰশিলা স্থাপনৰ লগতে এটা প্রকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ এই আটাইকেইটা প্রকল্পৰ মুঠ প্রকল্প ব্যয় হৈছে ১৫৭৫.৩৯ কোটি টকা৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি গোলাঘাটৰ বগৰীজেঙত আধাৰশিলা স্থাপন কৰা চিকিৎসা মহাবিদ্যালয় হাস্পতালখন নির্মাণৰ বাবে ৬৩১.৮২ কোটি টকা ধার্য কৰা হৈছে৷ আনহাতে মুখ্যমন্ত্রীয়ে আজি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে৷ বিশ্ববিদ্যালয়খনৰ নির্মাণৰ অর্থে প্রথম পর্যায়ত ৬২.১০ কোটি টকা ধার্য কৰা হৈছে৷ তদুপৰি তেওঁ ৩০৪.১৯ কোটি টকা ব্যয় সাপেক্ষে অসম মালাৰ অধীনত কমাৰগাঁৱৰ পৰা কমাৰবন্ধালৈ ধোদৰ আলিৰ উন্নীতকৰণ, ২২০.৬০ কোটি টকা ব্যয় সাপেক্ষে এন আই ডি এৰ অধীনত দেৰগাঁও–গোলাঘাটৰ পথৰ উন্নীতকৰণ, ৪৯.৪৮ কোটি টকা ব্যয় সাপেক্ষে সংহত উপায়ুক্তৰ কার্যালয়, ১১.৯৯ কোটি টকা ব্যয় সাপেক্ষে সৰুপথাৰৰ লাভলীনা বৰগোহাঁই বহুমুখী ক্রীডা প্রকল্পত এখন মিনি ষ্টেডিয়াম, ১১.৯৯ কোটি টকা ব্যয় সাপেক্ষে নৰাগাঁৱত এখন মিনি ষ্টেডিয়াম, গোলাঘাট চৰকাৰী ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণৰ বাবে ৫.০৩ কোটি টকা, ৰেচিডেন্সিয়েল গালর্ছ পলিটেকনিকত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণ ৫.০৩ কোটি টকা, ধনশিৰি চৰকাৰী ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানত চৰকাৰী পলিটেকনিক প্রতিষ্ঠান আৰু আই টি আইৰ উন্নীতকৰণৰ বাবে ৫.০৩ কোটি টকা, মৰঙী আলিত ধনশিৰি নদীৰ ওপৰত আৰচিচি দলঙৰ সম্প্রসাৰণৰ বাবে ১৪.৮৬ কোটি টকা, লেটেকুজান নুমলীগড বিদুৎ সংবহন প্রকল্পৰ বাবে ২০০ কোটি টকা আৰু বৰবৰুৱা আলিৰ পৰা ধোদৰ আলিলৈ কাকডোঙা নদীৰ দুয়োপাৰৰ উন্নীতকৰণৰ বাবে ১৮.১৬ কোটি টকা৷ আনহাতে মুখ্যমন্ত্রীয়ে ৩৫.০৭ কোটি টকা ব্যয় সাপেক্ষে সৰুপথাৰ বিদ্যুৎ সংবহন প্রকল্পৰ শুভ উদ্বোধন কৰে৷ এই উপলক্ষে গোলাঘাট চহৰৰ সমন্বয় ক্ষেত্রত অনুষ্ঠিত জনসভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই আজি আধাৰশিলা স্থাপন আৰু উন্মোচিত হোৱা ১৪টা প্রকল্পই জিলাবাসীৰ আশা–আকাংক্ষা যথেষ্ট পৰিমাণে পূৰণ কৰিবলৈ সক্ষম হব বুলি মন্তব্য কৰে৷ তেওঁ কয় যে বগৰীজেঙত আধাৰশিলা স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়খনৰ নির্মাণকার্য ২০২৬ চনৰ ভিতৰত সম্পূর্ণ হব৷ তেওঁ লগতে কয় যে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়খনৰ নির্মাণত ২৫০ কোটি টকা ব্যয় হব৷ ইয়াৰে প্রথম অংশ হিচাপে ৬২ কোটি টকা মুকলি কৰি দিয়া হৈছে৷ উচ্চ শিক্ষাৰ প্রতিষ্ঠানখনৰ বাবে ফেকাল্টী নিযুক্তি প্রক্রিয়া আৰম্ভ কৰা হৈছে বুলিও সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে আজি আধাৰশিলা স্থাপন হোৱা সংহত উপাযুক্তৰ কার্যালয়টোৰ নির্মাণ সম্পূর্ণ হৈ উঠিলে জনসাধাৰণে একত্রিত স্থানৰ পৰা বহু বিভাগৰ সুবিধা লাভ কৰিবলৈ সক্ষম হব৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ আৰু জিণ্টু গগৈৰ দৰে বহু কেইগৰাকী অসাধাৰণ দেশপ্রেমীৰ জন্মস্থান বুলি উল্লেখ কৰি কয় যে বর্ণাঢ্য ইতিহাসেৰে সমৃদ্ধ এই জিলাখনক সকলো দিশৰ পৰা উন্নয়ন আৰু বিকাশৰ পথলৈ লৈ যোৱাটো তেওঁ নৈতিক কর্তব্য হিচাপে গণ্য কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্রীয়ে বর্তমানৰ ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ দৰিদ্রতা দূৰীকৰণ তথা আর্থ–সামাজিক উন্নয়নৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে৷ তেওঁ কয় যে অৰুণোদয় আঁচনিৰ অধীনত জিলাখনত নতুনকৈ ৩০ হাজাৰ হিতাধিকাৰীক সামৰি লোৱা হব৷ ৰাজ্য চৰকাৰৰ ধান ক্রয় আঁচনিখনৰ সুবিধা গ্রহণ কৰাৰ বাবে অঞ্চলটোৰ কৃষকসমাজক তেওঁ লগতে আহ্বান জনায়৷ ভাষণ প্রসংগত তেওঁ ৰাজ্য চৰকাৰে জনসাধাৰণৰ সুবিধার্থে আৰম্ভ কৰা মিছন বসুন্ধৰা ২.০ আৰু মিছন ভূমিপুত্রৰ কথাও উল্লেখ কৰে৷ এই জনসভাৰ পিছত মুখ্যমন্ত্রীয়ে ৰহঢলা পথাৰত ৰোৱনী–দাৱনিৰ সৈতে মুকলি আকাশৰ তলত দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই আজি হেমপ্রভা বৰবৰা ছোৱালী মহাবিদ্যালয়লৈ গৈ শিক্ষার্থীসকলৰ সৈতে বার্তালাপ কৰে৷ তেওঁ নতুন আৰু উজ্জীৱিত ভাৰতবর্ষ গগাৰ দিশত থকা সুযোগৰ সর্বোৎকৃষ্ট ব্যৱহাৰেৰে ৰাষ্ট্র নির্মাণৰ অংশীদাৰ হবলৈ বিদ্যার্থীসমাজক আহ্বান জনায়৷ মুখ্যমন্ত্রীৰ ভ্রমণকালত মন্ত্রী অজন্তা নেওগ, নন্দিতা গার্লোচা, কেশৱ মহন্ত, অতুল বৰা, বিধায়ক ক্রমে বিশ্বজিৎ ফুকন, ভৱেন্দ্র নাথ ভৰালী আৰু মৃণাল শইকীয়াকে ধৰি অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে

You might also like