নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ শৰীৰ বৰ ভালেৰে নাযাব পাৰে৷ আপুনি পুৱা–গধূলি শিৱৰ মন্ত্র জপ কৰিব৷ কর্মক্ষেত্রত বাধা নাই৷ শুভ ৰং পাতল হালধীয়া৷
বৃষ ঃ গুৰুত্বপূর্ণ কাম হাতত ভাবি–চিন্তি ল’ব৷ বিদ্যার্থীৰ বাবে শুভ দিন৷ শুভ ৰং কমলা৷ ঘৰুৱাত শুভ৷
মিথুন ঃ সন্ধিয়া মন্দিৰত যাব আৰু ৰঙা ফুলেৰে পূজা কৰিব৷ পশ্চিম দিশত যাত্রা কৰোঁতে সাৱধান হ’ব৷ শুভ ৰং ৰঙা৷ বিদ্যাত শুভ৷
কর্কট ঃ মেৰুন ৰং ব্যৱহাৰ কৰিব৷ কর্মব্যস্ততা বাঢ়িব৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ শুভ কর্ম কৰিব পাৰে৷
সিংহ ঃ আনন্দ প্রাপ্তিৰ যোগ৷ দিনত নিৰামিষ আহাৰ গ্রহণ কৰিব৷ যোগাযোগত বেয়া নহয়৷ বগা ৰঙৰ বস্ত্র পৰিধান কৰি সন্ধিয়া মন্দিৰত চাকি জ্বলাব৷
কন্যা ঃ গুলপীয়া ৰঙৰ ব্যৱহাৰে আপোনাৰ যাত্রা শুভ কৰিব৷ সন্ধিয়া মন্দিৰত যাব আৰু হালধীয়া ৰঙৰ ফুলেৰে পূজা কৰিব৷
তুলা ঃ পৰাপক্ষত দিনটোত যাত্রা নকৰাই ভাল৷ হালধীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ আকস্মিক অর্থ প্রাপ্তিৰ যোগ৷
বৃশ্চিক ঃ শৰীৰৰ প্রতি যত্ন লওক৷ বগা ৰুমাল ব্যৱহাৰ কৰিব৷ বাণিজ্যিক দিশত উন্নত দিন৷ যাত্রাৰ বাবেও দিনটো শুভ৷
ধনু ঃ দুপৰীয়া বাৰ বজাৰ পিছত যাত্রা নকৰাই ভাল৷ নীলা ৰং শুভ৷ বিদ্যাত জটিলতা থাকিব পাৰে৷
মকৰ ঃ অত্যন্ত শুভ কথাতো সন্তোষ কম পাব৷ পুৱাৰ ভাগত যাত্রা কৰিলে ক’লা ৰং ব্যৱহাৰ নকৰিব৷ আবেলি তিনি বজাৰ পাছত যাত্রা নকৰিব৷
কুম্ভ ঃ কর্মক্ষেত্রত বাধা নাই৷ আজি আপুনি ভ্রমণ কৰিলে বিষ্ণু মন্দিৰত পূজা কৰি সোঁহাতত ৰঙা সূতা বান্ধি ল’ব৷ ৰঙা ৰঙৰ বস্ত্র পৰিধান কৰিব৷
মীন ঃ দৰকাৰী কামত অৱহেলা নকৰিব৷ শুভ ৰং পাতল গুলপীয়া৷ সন্ধিয়া তুলসীৰ তলত চাকি জ্বলাব৷ বিদ্যার্থীসকলে কষ্ট কৰিব পাৰিব৷

You might also like