নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণকুৰিহাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ 

নিয়মীয়া বাৰ্তা,  ৭ মে’ : নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং সোণকুৰিস্থিত ভাঙৰা গোঁসাই থান প্ৰাংগনত আজি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত হয় । শুক্লেশ্বৰ মেধি স্মৃতি ন্যাস আৰু আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ উদ্যোগত আয়োজিত চিকিৎসা শিবিৰটো বন্তি প্ৰজ্বলন কৰি  মুকলি কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰান্ত সংঘচালক ডাঃ ভূপেশ চন্দ্ৰ শৰ্মাই । শিবিৰত  ডাঃ চক্ৰেশ্বৰ হালৈ, ডাঃ নয়নমনি মালাকৰ আৰু ডাঃ চুমি ভট্ট ভূঞাই ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে । মৃগেন কলিতা, চম্পক শৰ্মা, পাপৰি দাস, পিলিনা বৰগয়াৰীয়ে সহযোগ কৰা শিবিৰত ৭৫ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । কাৰ্যসূচীত শুক্লেশ্বৰ মেধি স্মৃতি ন্যাস আৰু আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ  কৰ্মকৰ্তাসকল উপস্থিত থাকে ।
You might also like