কিশোৰী ধৰ্ষণকাৰী ফুলেশ্বৰ দুৱৰাক সন্মিলিত গণশক্তি দলৰ পৰা বহিস্কাৰ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্ত হৈ জে’ললৈ যোৱা ফুলেশ্বৰ দুৱৰাক সন্মিলিত গণশক্তি দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ।
প্ৰেছ বিজ্ঞপ্তি জৰিয়তে সন্মিলিত গণশক্তি,অসমৰ চমকঙ পঞ্চায়ত সমিতিৰ সভাপতি সুকুৰাম ব্ৰহ্ম, সম্পাদক পদ্মনাথ চাৰহ, চিমেন চাপৰি পঞ্চায়ত সমিতিৰ সভাপতি ৰাজেন বৰুৱা আৰু সম্পাদক কৃঞ্চ গগৈয়ে উল্লেখ কৰে যে চিমেন চাপৰি সন্দিকৈ মিলন গাঁৱৰ এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগত ফুলেশ্বৰ দুৱৰাক গণশক্তি দলৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত লোৱা হৈছে বুলি কয়।
লগতে গণশক্তি দলত নিকা ভাৱমূৰ্তি ব্যক্তিৰ বাদে দুৰ্নীতি-কেলেংকাৰীৰ সৈতে জড়িত লোকৰ স্হান নাই বুলি কৈ নিৰ্লজ্জ কাণ্ডত জড়িত দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ, প্ৰশাসনক দাবী জনাইছে সন্মিলিত গণশক্তি, অসমৰ চমকঙ, চিমেন চাপৰি পঞ্চায়ত সমিতি দুখনে।