নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাহিলিপাৰা গণেশগুৰি শাখা লেখিকা সন্থাৰ সাহিত্য বৈঠকত অংশগ্ৰহণ মৃণলিনী দেৱীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ নৱেম্বৰঃ বৃহত্তৰ কাহিলিপাৰা গণেশগুৰি শাখা লেখিকা সংস্থাৰ উদ্যোগত কাহিলিপাৰা আদৰ্শপুৰ, গৃহ নং ২৬ত এখনি সাহিত্য বৈঠক অনুষ্ঠিত হৈ যায়। বৃহত্তৰ কাহিলীপাৰা গণেশগুৰি শাখা লেখিকা সংস্থাৰ স্থায়ী সভাপতি মৃণালিনী দেৱীৰ সঞ্চালনাত আৰু সম্পাদক গীতিকা দেৱীৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা সভাখনত  ভাষণ দি মৃণালিনী দেৱীয়ে কয় যে মানৱৰ অন্তৰাত্মাৰ ভাব প্ৰকাশৰ এটা উত্তম মাধ্যম হ’ল সাহিত্য। তেওঁ  ভাৰতীয় সংস্কৃতিৰ ওপৰত ভিত্তি কৰি  ৰচিত সাহিত্যই স্থায়িত্ব লাভ কৰিব পাৰে বুলি কৈ উচ্চ মানবিশিষ্ট সাহিত্য সৃষ্টি কৰাৰ চেষ্টা কৰিবলৈ সকলোকে আহ্বান জনায়। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক সভাপতি মৃণালিনী দেৱীয়ে কুন্তীৰ স্তৱ আৰু ভীষ্মৰ মোক্ষ লাভ সম্পৰ্কে বুজাই কয়। তেওঁ আৰু কয় যে  ভক্তি ভাব অন্তৰত থাকিলেহে ভগবানৰ সান্নিধ্য লাভ কৰিব পাৰি। তেওঁ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আধ্যাত্মিক ভাৱৰ জোৱাৰ আনিবলৈ সকলোকে চেষ্টা কৰিবলৈ আহ্বান জনায়। গীতিকা দেৱীয়ে  আৰু কানন শৰ্মাই প্ৰৱন্ধ পাঠ কৰা অনুষ্ঠানটোত  কবিতা পাঠ কৰে ক্ৰমে বিথীকা চৌধুৰী, আৰু মণিকা নাথ হাজৰিকাই আধ্যাত্মিক গীত পৰিৱেশন কৰে। অঞ্জু বৰাই ঘোষাৰে আপ্লুত কৰা অনুষ্ঠানটোত শলাগৰ শৰাইৰ আগবঢ়াই গীতিকা দেৱীয়ে।
You might also like