নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষক- শিক্ষয়িত্ৰীৰ অভাৱত গাৰো শিক্ষাৰ্থীৰ ব্যাপক ক্ষতি

কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ প্ৰচেস্টাত গাৰো মাধ্যমত টেট’ৰ এমহীয়া প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা    ২৮ অক্টোবৰঃ কামৰূপ জিলাৰ গাৰো সম্প্ৰদায়ৰ লোকৰ বসতি অঞ্চল “গোহালকোণা”ত কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াৰ বিশেষ প্ৰচেষ্টাত সেই অঞ্চলৰ গাৰো মাধ্যমৰ বিদ্যালয় সমূহৰ বাবে শিক্ষকৰ অভাৱ হোৱাৰ বাবে ভৱিষ্যতে স্থানীয় ভাৱে গাৰো মাধ্যমত টেট উৰ্ত্তীণ শিক্ষাৰ্থীৰ ওলায়, তাৰ প্ৰতি লক্ষ্য ৰাখি সেই অঞ্চলৰ শিক্ষিত যুৱক যুৱতী সকলে যাতে আগন্তুক টেট পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰে তাৰ বাবে এটি বৈদ্যুতিন মাধ্যমেৰে টেট পৰীক্ষাৰ্থী সকলৰ সহায় হোৱা উদ্দেশ্য এটি এমহীয়া প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা হয়। কালি এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰে। চৰকাৰী পৃষ্ঠপোষকতাত নহ’লেও তেখেতে এই ক্ষেত্ৰত বিভিন্ন পাৰদৰ্শী সমল ব্যক্তিৰ সহযোগিতাত এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে গাৰো মাধ্যমত টেট উৰ্ত্তীণ ব্যক্তি নথকাৰ ফলত কামৰূপ জিলাৰ বহুতো গাৰো মাধ্যমৰ বিদ্যালয় শিক্ষকৰ অভাৱত ভালদৰে পাঠদান হোৱা নাই। যাৰ ফলত সেই সম্প্ৰদায়ৰ শিক্ষাৰ্থী সকলৰ ক্ষতি হৈছে ৷ স্থানীয় ৰাইজে শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা ঠাকুৰীয়াক হেঁচা প্ৰযোগ কৰি অহাত তেওঁ এই পদক্ষেপ গ্ৰহণ কৰে । প্ৰশিক্ষাৰ্থী সকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ এই প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন কৰা হয়।এই প্ৰশিক্ষণ কাৰ্যসূচীত গোহালকোণা অঞ্চলৰ প্ৰায় দুকুৰি শিক্ষাৰ্থীয়ে ভাগ লয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত বিশেষকৈ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড. প্ৰণৱ শইকীয়া, বিশ্ববিদ্যালয় খনৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ক্ৰমে ড. অৰ্চনা অধিকাৰী, ড. দেৱজানী দুৱৰা, ড. অৰুণিমা বৰা ,ড. ইন্দ্ৰানী কলিতা, ড°দীপাংকৰ মালাকৰে সমল ব্যক্তি হিচাপে ভাগ লয়।

প্ৰশিক্ষণ কাৰ্যসূচীত ভাগ লৈ বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য ই টেট পৰীক্ষাৰ্থী সকলক টেট পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ আয়ত্ত্ব কৰিব লগীয়া বিভিন্ন দক্ষতাৰ বিষয়ে বহলাই আলোচনা কৰে।উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত নলবাৰী ডায়েটৰ প্ৰবক্তা গীতিকা দত্ত শৰ্মা, সমগ্ৰ শিক্ষা ,অসমৰ ৰাজ্যিক প্ৰালোচক মোজাফাৰ আলি আৰু গলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপয়েও সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ কাৰ্যসূচী সাফল্য মণ্ডিত কৰে।

উল্লেখযোগ্য যে যোৱা তিনি অক্টোবৰত কামৰূপ জিলা গোহালকোণা হাইস্কুলত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভ উদ্ধোধন কৰিছিল কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই। অনুষ্ঠানত শিক্ষাবিদ পৰেশ বৈশ্য, অধ্যাপক ড. প্ৰণৱ শ ইকীয়া, ড. দীপাংকৰ মালাকাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।এই প্ৰশিক্ষণ কাৰ্যসূচীত বিশেষকৈ প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে অনুষ্ঠিতব্য টেট পৰীক্ষাত অৱতীৰ্ণ হব খোজা সকলে ভাগ লয়। ভবিষ্যতে উচ্চ মাধ্যমিক বিদ্যালয়ৰ বাবে হব লগা গাৰো মাধ্যমৰ টেট পৰীক্ষাত অৱতীৰ্ণ হব খোজা সকলৰ বাবেও এনে প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে। কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ দূৰদৰ্শী প্ৰচেষ্টাৰ বাবে গাৰো সম্প্ৰদায়ৰ লোকসকলে সন্তোষ প্ৰকাশ কৰিছে।

You might also like