নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিত ১১ গৰাকী অৱসৰী শিক্ষাগুৰুক সম্বৰ্ধনা

শিক্ষাগুৰু সকলৰ কষ্ট, ত্যাগ আৰু প্ৰচেষ্টাইহে প্ৰক্‌ত মানৱ সম্পদ গঢ়াত সহায় কৰে

 নিয়মীয়া বাৰ্তা  ২৮ অক্টোবৰঃ শুৱালকুছি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ উদ্যোগত স্থানীয় জনতা প্ৰাথমিক বিদ্যালয়ত অঞ্চলটোৰ এঘাৰ গৰাকী অৱসৰী শিক্ষক শিক্ষয়িত্ৰীক কেন্দ্ৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ তদুপলক্ষে সনাতন বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী শেৱালী বৈশ্যৰ সভাপতিত্ব এখন বিদায় সম্ভাষণ সভা অনুষ্ঠিত হয় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হাজো প্ৰাথমিক খণ্ড শিক্ষা বিষয়া পৰিনীতা দাসে তেওঁৰ বক্তব্যত কয় যে শিক্ষাগুৰু সকলৰ কষ্ট, ত্যাগ আৰু প্ৰচেস্টাইহে প্ৰক্‌ত মানৱ সম্পদ গঢ়াত সহায় কৰে ৷ এই ত্যাগ, কষ্ট, দুখ ভাগৰৰ সাৰ্থক হয় যেতিয়া ছাত্ৰছাত্ৰী সকলে ভাল ফল লাভ কৰি সমাজৰ লগতে দেশ আৰু দহৰ হৈ কাম কৰে ৷ অৱসৰী শিক্ষাগুৰু সকলক উদ্দেশ্যি তেওঁ কয় যে শিক্ষাগুৰু সকলে সময় সুবিধা অনুসৰি অৱসৰ গ্ৰহণ কৰাৰ পিছতো বিদ্যালয় সমূহত উপস্থিত হৈ শিক্ষক শিক্ষয়িত্ৰী সকলক পৰামৰ্শ দিলে তেওঁলোক অধিক উৎসাহিত হ’ব বুলি দোহাৰে ৷

কেন্দ্ৰৰ সম্পাদক হংস কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত কেন্দ্ৰটোৰ অন্তৰ্গত অৱসৰী শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে শুৱালকুছি আদৰ্শ প্ৰাথমিকৰ প্ৰধান শিক্ষয়িত্ৰী সবিতা দেবী , সহ শিক্ষয়িত্ৰী দিপালী কলিতা ৷ সনাতন প্ৰাথমিক বিদ্যালয়ৰ ভূপেন দাস, ৰুণুমা দাস আৰু বাসন্তী দেৱান ৷ গম্ভীৰ মেধি প্ৰাথমিকৰ বীৰেন চন্দ্ৰ দাস আৰু কুশল ডেকা ৷ জনতা প্ৰাথমিকৰ ধীৰেণ দাস আৰু মৃদু ৰাণী দাস ৷ ৬১ নং মাটিপৰ্বত প্ৰাথমিকৰ বিভা ৰাণী দাস আৰু হৰমোহন দাস প্ৰাথমিকৰ দিলীপ শৰ্মাই অৱসৰ গ্ৰহণ কৰাৰ বাবে কেন্দ্ৰৰ পৰা বিদায় সম্ভাষণ জনায় ৷ বিদায় সম্ভাষণত ফুলাম গামোচা, শৰাই,ধৰ্মপুথি আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰে ৷ সভাৰ পূৰ্বে সনাতন প্ৰাথমিক বিদ্যালয়ৰ কণমানি ছাত্ৰী ৰিয়া দাসৰ এটি সুমধুৰ বৰগীত পৰিৱেশনে উপস্থিত সকলোকে আপ্লুত কৰে ৷ অনুষ্ঠানত শুৱালকুছি প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ প্ৰায় সংখ্যক কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে ৷

You might also like