নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৌৰীপুৰত নিজ ঘৰৰ চোতালতে হানি–খুঁচি হত্যা দুজনক

দীর্ঘদিনীয়া ভূমিকেন্দ্রিক বিবাদৰ পৰিণতি

নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তর্গত মুৰিয়ালি ঘাটত ভূমিকেন্দ্রিক দীর্ঘদিনীয়া বিবাদৰ পৰিণতিত আজি মহিলাসহ দুজনক নিজ ঘৰৰ চোতালত হানি–খুঁচি নৃশংসভাৱে হত্যা কৰা ঘটনাই অঞ্চলটোত উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে৷ প্রাপ্ত বাতৰি মতে, গৌৰীপুৰ আৰক্ষী থানাৰ অন্তর্গত মুৰিয়ালি ঘাটৰ বাসিন্দা মণ্টু শ্বেখ আৰু মন্তাজ আলীৰ পৰিয়ালৰ মাজত দীর্ঘদিনৰ পৰা ভূমি বিবাদ চলি আছিল৷ বিষয়টোক লৈ দুয়োপক্ষই আইনৰ কাষ চাপিছিল৷ গোচৰ ৰুজু কৰা বিষয়টোৰ ওপৰত গৌৰীপুৰ থানাৰ আৰক্ষীয়ে দুয়ো পক্ষক সংযত হৈ আইনী ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি বিষয়টো নিষ্পত্তি কৰিবলৈ পৰামর্শ দিছিল৷ কিন্তু তাকে নকৰি মণ্টু শ্বেখৰ নেতৃত্বত ৮–১০জনীয়া অস্ত্রধাৰী দুর্বৃত্তৰ দলে আজি পুৱাৰ ভাগত মন্তাজ আলী (৩৫) নিজ ঘৰৰ চোতালত জুই পুৱাই থকা অৱস্থাত চোকা অস্ত্রৰে অতর্কিতে আক্রমণ কৰাত ঢ়লি পৰে৷ এই দৃশ্য সৰু ভাই–বোৱাৰী জেছমিনা বেগমে প্রত্যক্ষ কৰি বাধা দিবলৈ আগবাঢ়ি অহাত দুর্বৃত্তৰ দলে চোকা অস্ত্রৰে আক্রমণ কৰাত তেৱোঁ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ মণ্টু শ্বেখৰ নেতৃত্বত অহা হত্যাকাৰী দলটোৱে পলাই সাৰে৷ অতি সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰা হয় যদিও দুয়োৰে মৃত্যু হয়৷ এই লোমহর্ষক হত্যাকাণ্ডক লৈ অঞ্চলটোত তীব্র উত্তেজনা সৃষ্টি হয়৷ অৱশ্যে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ নেতৃত্বত অহা আৰক্ষীৰ দলে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়৷ ঘটনাত জড়িত থকাৰ সন্দেহত বাবুল হুছেইন, তাহেৰউদ্দিন, আখিনুৰ, এক্রমূল হক, হাফিজুৰ ৰহমান, ছামচুল হক আৰু আলিফুল ইছলামসহ সাতজনক আৰক্ষীয়ে খেদি খেদি আটক কৰিবলৈ সক্ষম হয়৷

You might also like