যুৱতীৰ নগ্ন ফটো ভাইৰেল কৰি জে’লত দৌলাশালৰ যুৱক
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্রীৰ দৌলাশালৰ আর্থিকভাৱে দুর্বল–দৰিদ্র পৰিয়ালৰ যুৱতী এগৰাকীক কর্মসংস্থাপন দিয়াৰ প্রলোভনেৰে প্রেমৰ সম্পর্ক গঢ়ি তুলি পৰৱর্তী সময়ত যুৱতীগৰাকীৰে শাৰীৰিক সম্পর্ক স্থাপন কৰাৰ লগতে যুৱতীগৰাকীৰ নগ্ণ ফটো ম’বাইল ফোনত বন্দী কৰি আৰক্ষীৰ জালত পৰিছে এটা লম্পট৷ ধৃত লম্পটটো দৌলাশাল আৰক্ষী চকীৰ অন্তর্গত ৩নং লাৰকুছি গাঁৱৰ জুলহাছ আলীৰ পুত্র মামুদ আলী (৩০) বুলি জানিব পৰা গৈছে ৷ মাহমুদ আলীৰ আছে দৌলাশাল চ’ক বজাৰত এটা লেব’ৰেটৰী চেণ্টাৰ৷ উক্ত লেব’ৰেটৰীত দৌলাশাল গাঁৱৰ দৰিদ্র পৰিয়ালটোৰ যুৱতীগৰাকীক কর্মসংস্থাপন দিয়াৰ ছলেৰে মামুদ আলীয়ে গঢ়ি তুলিছিল অবৈধ প্রেমৰ সম্পর্ক৷ যুৱতীগৰাকীক লম্পট মামুদ আলীয়ে তেওঁৰ প্রতিষ্ঠানত সংস্থাপনৰ বাট দেখুৱাই প্রথমতে অবৈধ প্রেমৰ সম্পর্ক আৰু পৰৱর্তী সময়ত যুৱতীগৰাকীৰ স’তে শাৰীৰিক সম্পর্ক স্থাপন কৰিছিল মামুদ আলীয়ে৷ এটি পুত্র সন্তানৰ পিতৃ মামুদ আলীয়ে যুৱতীগৰাকীক তেওঁৰ প্রতিষ্ঠানৰ উপৰি গুৱাহাটীকে ধৰি বিভিন্ন প্রান্তৰ হোটেললৈ নি শাৰীৰিক সম্পর্কই নহয় যুৱতীগৰাকীক উলংগ কৰি ম’বাইল ফোনত আবদ্ধ কৰিছিল নগ্ণ ফটো৷
লম্পট মামুদ আলীয়ে পৰৱর্তী সময়ত যুৱতীগৰাকীৰ নগ্ণ ফটো সামাজিক মাধ্যমত ভাইৰেল কৰে৷ যুৱতীগৰাকীৰ নগ্ণ ফটো দৌলাশাল গাঁৱৰ বিকাশ বৈশ্য নামৰ যুৱক এজনে হোৱাটছএপযোগে লাভ কৰাত যুৱকজনে যুৱতীগৰাকীৰ পৰিয়ালক হোৱাটছএপযোগে নগ্ণ ফটোসমূহ প্রেৰণ কৰি পৰিয়ালটোক ঘটনাটো সংক্রান্তত অৱগত কৰাইছিল৷ যুৱতীগৰাকীৰ নগ্ণ ফটো পৰিয়ালৰ লোকে লাভ কৰাৰ পাছতে যুৱতীগৰাকীসহ পৰিয়ালৰ লোকে মুকালমুৱা আৰক্ষীৰ কাষ চাপি বিকাশ বৈশ্য নামৰ যুৱকজনৰ বিৰুদ্ধেহে গোচৰ তৰে৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া যুগল কিশোৰ কলিতাই ঘটনাটো অধিক গুৰুত্বসহকাৰে লৈ ক্ষিপ্রতাৰে তদন্ত আৰম্ভ কৰি কালি সন্ধিয়াই ঘটনাৰ মূল অভিযুক্ত তথা বিভিন্ন সময়ত ভিন ভিন অভিযোগত অভিযুক্ত মামুদ আলীক আটক কৰাৰ সমান্তৰালভাৱে দৌলাশালৰ যুৱকজনকো আটক কৰি থানালৈ লৈ আহে৷ দুয়োজনকে আৰক্ষী থানাত মাৰাথন জেৰা কৰাৰ অন্তত ওলাই পৰিছিল প্রকৃত ঘটনা৷ লম্পট মামুদ আলীয়ে যুৱতীগৰাকীক বিভিন্ন সময়ত যৌন নির্যাতন চলাই নগ্ণ ফটো লোৱাৰ কথা স্বীকাৰ কৰে৷ ধৃত মামুদ আলীৰ ম’বাইল ফোনৰ পৰা আন কেতবোৰ ভয়ংকৰ আপত্তিজনক তথ্য লাভ কৰে আৰক্ষীয়ে৷ আজি মুকালমুৱা আৰক্ষীয়ে ঘটনাটো সংক্রান্তত ৭৩/২১ নম্বৰত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৫৪(ক)নং ধাৰা আৰু তথ্য–প্রযুক্তি আইনৰ ৬৭ (ক) (354A IPC RW Section 67A ITA) ধাৰাত দুয়োকে আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োকো জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ ইপিনে, আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান চলাই জঘন্য ঘটনাটোত আলী উপাধিৰ আন এজন যুৱক জডিত থকাৰ তথ্য লাভ কৰিছে৷ আলী উপাধিৰ যুৱকজনে কেইবাজনো যুৱকক যুৱতীগৰাকীৰ নগ্ণ ফটোসমূহ হোৱাটছএপযোগে প্রেৰণ কৰিছিল৷ ইতিমধ্যে যুৱকজনক বিচাৰি আৰক্ষীয়ে অনুসন্ধান চলাইছে যদিও যুৱকজন পলাতক অৱস্থাত থকা বুলি আৰক্ষী সূত্রৰ পৰা জানিব পৰা গৈছে৷