ঘাতমাউৰা বনকৰা যুৱতীক অকথ্য নিৰ্যাতন প্ৰভাৱশালী মহিলাৰ!
বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : কামৰূপ জিলাৰ গন্ধমৌত যোৱা ৪ ডিচেম্বৰত নিশা প্ৰায় ১০:৩০ বজাত কামৰূপৰ গন্ধমৌৰ কোকো বেম্ব’ নামৰ ৰিজৰ্টৰ সমীপত স্থানীয় লোকে উদ্ধাৰ কৰা সীমা পাহান নামৰ ১৯ বছৰীয়া যুৱতীগৰাকীক এগৰাকী প্ৰভাৱশালী মহিলাই বনকৰা যুৱতী হিচাপে ৰাখি অকথ্য শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আহি পৰিছে। জানিব পৰা মতে গুৱাহাটীৰ গণেশগুৰিৰ গণেশ মন্দিৰ-কাহিলীপাৰা ৰোড নিবাসী তথা ৰাজ্যিক নিচাযুক্ত আৰু মাদকদ্ৰব্য নিবাৰণী পৰিষদৰ দ্বায়িত্বত থকা মহিলাগৰাকীয়ে বিগত ২ জুলাইত জালুকবাৰীস্থিত ষ্টেট হোমৰ পৰা এগৰাকী ১৯ বছৰীয়া ঘাতমাউৰা যুৱতীক ঘৰুৱা সহায়িকা হিচাৱে নীতি নিয়মৰ মাজৰে নিয়ে৷ মহিলাগৰাকীয়ে পিছত সাধাৰণ অজুহাততে যুৱতিগৰাকীক অকথ্য নির্যাতন চলাই বুলি স্থানীয় প্রতিবেশীয়ে অভিযোগ কৰিছে৷ মহিলাগৰাকীৰ ঘৰৰ পৰা প্ৰায়ে যুৱতীগৰাকীৰ কান্দোনৰ শব্দ ভাহি আহিছিল বুলিও স্থানীয় লোকে অভিযোগ কৰিছে। শেহতীয়াকৈ ৪ ডিচেম্বৰত তেওঁ বনকৰা যুৱতীগৰাকীক লৈ কামৰূপৰ গন্ধমৌৰ অমৰাৱতী ফাৰ্মৰ চৌহদত থকা কোকো বেম্ব’ নামৰ ৰিজৰ্টলৈ অৱসৰ বিনোদনৰ বাবে আহিছিল। উক্ত দিনা আবেলি বনকৰা যুৱতীগৰাকী ৰিজৰ্টখনৰ পৰাই সন্ধানহীন হৈ পৰে৷ মহিলাগৰাকীয়ে সন্ধানহীন হৈ পৰা বনকৰা যুৱতীক বিচাৰি নাপাই স্থানীয় শুৱালকুছি আৰক্ষীক খবৰ দিব লাগিছিল যদিও ৰহস্যজনক কাৰণত আৰক্ষীক খবৰ নিদিয়াকৈ ঘৰলৈ গুছি যায়। উক্ত দিনাই নিশা প্ৰায় ১০:৩০ বজাত স্থানীয় ৰাইজে অচিনাকী যুৱতীগৰাকীক প্ৰত্যক্ষ কৰি সোধ-পোছ কৰাত যুৱতীগৰাকীয়ে বৰকাকতী উপাধীৰ দম্পত্তিৰ অকথ্য শাৰিৰীক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আজি চেগ বুজি পলায়ন কৰা বুলি জানিবলৈ দিয়ে। নিশাই স্থানীয় ৰাইজে ঘটনা সম্পৰ্কত শুৱালকুছি আৰক্ষীক অৱগত কৰাত যুৱতীগৰাকীক নিশা স্থানীয় মহিলা আৰক্ষী কনিষ্টবল এগৰাকীৰ বাসগৃহত ৰাখি পিছদিনা পুৱাই শুৱালকুছি থানালৈ আনি স্বাস্থ্য পৰীক্ষা কৰি জালুকবাৰীৰ ষ্টেট হোম ফৰ ৱমেনলৈ প্ৰেৰণ কৰে। যুৱতীগৰাকীক স্বাস্থ্য পৰীক্ষা কৰা শুৱালকুছি ৩০খন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ৰ চিকিৎসকে যুৱতীগৰাকীৰ শৰীৰৰ কিছু কিছু অংশত আঘাতৰ চিন থকাৰ লগতে বৰ্তমান যুৱতীগৰাকী যথেষ্ঠ সংকিত আৰু মানসিকভাৱে ভাগি পৰা বুলি সাংবাদিকক জনাইছে। লগতে উক্ত নিশা যুৱতীগৰাকীক আশ্ৰয় দিয়া শুৱালকুছি আৰক্ষী থানাৰ মহিলা আৰক্ষী কনিষ্টবলগৰাকীয়ে যুৱতীগৰাকীক বৰকাকতী দম্পত্তিয়ে নিৰ্যাতন চলোৱা বুলি যুৱতীগৰাকীয়ে তেঁওক জনোৱা বুলি সাংবাদিকক জানিব দিছে। বনকৰা যুৱতীগৰাকীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰাৰ পাছতো শুৱালকুছি আৰক্ষীয়ে কোনো অভিযোগ বা এজাহাৰ দাখিল নোহোৱাৰ অজুহাতত অসহায় যুৱতীগৰাকীক ন্যায় দিয়াৰ স্বাৰ্থত নিজাববীয়াকৈয়ো কোনো গোচৰ ৰুজু নকৰি স্বাস্থ্য পৰীক্ষাৰ অন্তত জালুকবাৰীৰ ষ্টেট হোম ফৰ ৱমেনলৈ প্ৰেৰণ কৰে। ইয়াৰ বিপৰীতে যুৱতীগৰাকীৰ বয়স ১৯ বছৰ হোৱাৰ দোহাই দি এজাহাৰ নিদিলে কোনো গোচৰ ৰুজু কৰিব নোৱাৰি বুলিহে দায়সৰা মন্তব্য কৰিছে কামৰূপ আৰক্ষীয়ে। জানিব পৰা মতে ৰাজনৈতিক প্রভাৱ খটুৱাই বিজেপি বৰকাকতি উপাধীৰ মহিলা গৰাকীয়ে আৰক্ষীৰ লগতে জালুকবাৰী ষ্টেট হোম ফৰ ৱমেন কর্তৃপক্ষক মেনেজ কৰি এজাহাৰ দাখিল তথা গোচৰ পঞ্জীয়নৰ পৰা ৰেহাই পোৱা বুলিও চর্চা লাভ কৰিছে। কিন্তু যদিহ এগৰাকী অভিভাৱকহীন যুৱতীক এইদৰে নিৰ্যাতন চলাইয়ো আৰক্ষীক অভিযোগ দাখিল নকৰাৰ অজুহাতত আইনৰ সুৰুঙাৰে সাৰি যায় তেন্তে ই হব অত্যন্ত দুৰ্ভাগ্যজনক। যুৱতী গৰাকীক উদ্ধাৰ কৰি আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা গন্ধমৌৰ স্থানীয় ৰাইজে আৰক্ষী সঞ্চালকপ্ৰধানক নিজাববীয়াকৈ গোচৰ ৰুজু কৰি দুৰ্ভগীয়া কিশোৰীগৰাকীক ন্যায় প্ৰদানৰ দাবী জনাইছে লগতে এই ক্ষেত্ৰত অসম ৰাজ্যিক মহিলা আয়োগ বা আন মহিলা সংগঠনৰ হস্তক্ষেপ দাবী কৰিছে।
প্ৰেৰক দিলীপ মেধি