নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমগুৰিৰ কোৱাৰেণ্টাইন শিবিৰৰ পৰা গোলাঘাটলৈ ৩৯ শ্রমিক

নিয়মীয়া বাৰ্তা, ১ মেঃ চুবুৰীয়া ৰাজ্য নগাৰাজ্যত কয়লাৰ কামত ঠিকাদাৰৰ অধীনত কর্মৰত ৩৯ গৰাকী শ্রমিকক বৃহস্পতিবাৰে আমগুৰিৰ আউনীআটীয় হেমচন্দ্র দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অস্থায়ী কোৱাৰেণ্টাইন শিবিৰৰ পৰা গোলাঘাট জিলাৰ উৰিয়ামঘাটলৈ প্রেৰণ কৰা হয়৷

উল্লেখ্য যে নগাৰাজ্যৰ বিভিন্ন স্থানত ঠিকাদাৰৰ অধীনত কয়লাৰ কামত নিয়োজিত শ্রমিকসকলক লকডাউনৰ বাবে সংশ্লিষ্ট ঠিকাদাৰে নূন্যতম খাদ্য সামগ্রীৰো যোগান নধৰাত কেইবাদিনো অনাহাৰে থকাৰ পিছত যোৱা ১৬ এপ্রিলত খোজকাঢ়ি আমগুৰিত উপস্থিত হৈছিল এইসকল শ্রমিক৷ পিছত আমগুৰিৰ স্থানীয় প্রশাসনে এইসকল লোকক আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্রত চিকিৎসাৰ ব্যৱস্থা কৰাৰ পিছত আমগুৰি আউনীআটীয় হেমচন্দ্র দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক অস্থায়ী কোৱাৰেণ্টাইন শিবিৰ মুকলি কৰি ১৪ দিন ৰখাৰ অন্তত কালি নিজা গৃহলৈ প্রেৰণ কৰা হয়৷

বৃহস্পতিবাৰে নিজাগৃহলৈ প্রেৰণ কৰাসকলৰ ভিতৰত আছে বানেশ্বৰ বসুমতাৰী, ৰোহিত বসুমতাৰী, ধর্মেন খাখলাৰী, ধনীৰাম নেওগ, উমেশ বসুমতাৰী, তপন স্বর্গীয়াৰী, সবল দৈমাৰী, ৰুবালাল মুছাহাৰী, অশোক দৈমাৰী, থানেশ্বৰ নার্জাৰী, জয় কুমাৰ নার্জাৰী, সঞ্জয় বাগলাৰী, সুনীল মুছাহাৰী, অর্জুন বসুমতাৰী, ভোগেশ্বৰ বসুমতাৰী, বুধিৰাম বসুমতাৰী, বিপুল বসুমতাৰী, কৰটেং নার্জাৰী, টমগন বসুমতাৰী, মাজৰাম স্বর্গীয়াৰী, ৰাকেশ নার্জাৰী, ভীম বাহাদুৰ লিম্বু, অংগত ৰাণা, নন্দলাল মাহাতু, চন্দ্রবাহাদুৰ মাৰপজ, ৰঞ্জিত হাছদা, আনন্দ কুমাৰ লিম্বু, ৰামু থাপা, প্রেম বাহাদুৰ ৰাইকা, সুখবাহাদুৰ লিম্বু, বিকাশবাহাদুৰ লিম্বু, শিৱ থাপা, ৱেলচ চনক, মিলন থাপা, দুর্গাবাহাদুৰ আলিয়া, দুলুমণি গগৈ আৰু গজেন চেতিয়া৷ যোৱাৰ পৰত বিগত ১৫ দিনত আমগুৰিৰ স্থানীয় প্রশাসনৰ হৈ ৰাজহ চক্র বিষয়া ৰিতুৰাজ বৰদলৈ, আমগুৰি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তথা চক্র পৰিদর্শক বীৰেন বৰুৱা আৰু চিকিৎসক তথা চিকিৎসাকর্মীকে মুখ্য কৰি আৰক্ষী, বিভিন্ন বিভাগৰ লোকে আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জনায়৷ সম্প্রতি এই কোৱাৰেণ্টাইন শিবিৰত আৰু ৬গৰাকী লোক আছে৷

You might also like