দুলীয়াজান কছাৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তীৰ সামৰণি
নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ ডিব্ৰুগড়ৰ টেঙাখাট শিক্ষাখণ্ডৰ অন্তৰ্গত দুলীয়াজান কছাৰীপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বৰ্ণজয়ন্তী উদযাপন কৰা হয়। স্বৰ্ণজয়ন্তীৰ উপলক্ষে কালি কাৰ্যসূচীৰ অন্তিম দিনা অৰ্থাৎ শনিবাৰে পুৱাৰ ভাগত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে কঠালগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক অৰুণ বৰদলৈয়ে। ইয়াৰ পাছতেই “নতুন শিক্ষানীতি ২০২০ আৰু আমাৰ দায়বদ্ধতা” শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰখন সঞ্চালনা কৰে দুলীয়াজান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক জয়ন্ত দত্তই। এই কাৰ্যসূচী উদ্বোধন কৰে ডিব্ৰুগড় জিলা আঁচনি বিষয়া মনিমা ভট্ৰাচাৰ্যই। আলোচনা চক্ৰখনিত ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত শিক্ষাবিদ, লেখক গন্ধেশ্বৰ শইকীয়া, জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্ট, ডিৰিয়েল চাহ বাগিচাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা, ৰাষ্ট্ৰীয় সমল ব্যক্তি চিচিআৰটি তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপক মিত্ৰ আলোচক ৰূপে উপস্থিত থাকি নতুন শিক্ষানীতিৰ সন্দৰ্ভত যুক্তিনিষ্ঠ আলোচনা আগবঢ়ায়। বিয়লি কাৰ্যসূচীত “পৰিৱৰ্তিত খাদ্যাভ্যাস আৰু আমাৰ স্বাস্থ্য” শীৰ্ষক বিষয়ত দুলীয়াজান অইল ইণ্ডিয়া হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডঃ মনপ্ৰতিভ বৰুৱাই সমল ব্যক্তি ৰূপে উপস্থিত থাকি খাদ্যৰ লগত স্বাস্থ্য সম্পৰ্কীয় কেতবোৰ বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানত উপস্থিত বহুজনে চিকিৎসকগৰাকীক স্বাস্থ্য সম্বন্ধীয় বিভিন্ন প্ৰশ্ন সুধি যথেষ্ট উপকৃত হয়। অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে টেঙাখাট শিক্ষাখণ্ডৰ শিক্ষা বিষয়া ভৱেশ হাজৰিকা। ইয়াৰ পাছতেই মুকলি সভা অনুষ্ঠিত হয়। উদযাপন সমিতিৰ সভাপতি তথা প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন আঁত ধৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ মুখ্য সম্পাদক নলিনী কুমাৰ মজুমদাৰে। সভাত মুখ্য অতিথি জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ পৰিদৰ্শক, জিলা সমগ্ৰ শিক্ষা মিছন সমন্বয়ক দিপীকা চৌধুৰীয়ে আলোচনী “স্বৰ্ণশিখা” উন্মোচন কৰে। এই সভাতে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয় তথা শ্ৰম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, স্হানীয় বিধায়ক তেৰছ গোৱালা, শিক্ষাবিদ হেমকান্ত গগৈ, অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ডঃ অজিত শইকীয়া, ঊষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অজিত বড়াই বক্তব্য আগবঢ়াই। আনহাতে উক্ত সভাতে স্বৰ্ণজয়ন্তী উপলক্ষে অনুষ্ঠিত হৈ যোৱা কুইজ প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা আৰু ছবি অকাঁ প্ৰতিযোগিতাৰ স্হানপ্ৰাপ্ত প্ৰতিযোগীৰ লগতে প্ৰদৰ্শনীৰ শাখাত শ্ৰেষ্ঠ তিনিখন বিদ্যালয়ক বঁটা প্ৰদান কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
প্ৰেৰক কৃষ্ণা গগৈ