গোৰ্খাসকলৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ জোনাইত, বিজেপিক বৰ্জনৰ হুংকাৰ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ অসম তথা অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে গোর্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে গোর্খাসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত আজি সদৌ অসম গোর্খা ছাত্ৰ সন্থা, ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোর্খা গর্জন প্ৰতিবাদী সভা আয়োজন কৰে৷
গোৰ্খাসকলক জনজাতি কৰা, স্বায়ত্ত শাসন পৰিষদ গঠন, ডি ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰে কোনো সদিচ্ছা নেদেখুওৱাত গোৰ্খাসকলে নিজৰ অধিকাৰ, ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী হাতত লয়৷
সদৌ ধেমাজি জিলা গোর্খা ছাত্র সন্থা সভাপতি চমৰাজ পুৰিয়ে কয়- যোৱা ২০১৬ চনত অসম চৰকাৰে বিভিন্ন জাতি-জনজাতিৰ মাজত পৰিৱৰ্তনৰ শ্লোগান দি শাসনভাৰলৈ আহিল৷ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যাৰো চৰকাৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু চৰকাৰে এই সকলো প্ৰতিশ্ৰুতি পালন কৰা নাই, সেয়ে চৰকাৰে যদিহে গোৰ্খাসকলৰ দাবী আৰু সমস্যা নিৰ্বাচনৰ আগত সমাধান নকৰে, তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত অসম বসবাস কৰা ২৫ লাখ গোৰ্খাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু।
আজিৰ প্ৰতিবাদী কাৰ্যসূচীতে জোনাই মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰী আৰু সম্পাদক নুমল ছেত্ৰীৰ স্বাক্ষৰেৰে গোৰ্খসকলৰ ১২ বিভিন্ন দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷