নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত নিষিদ্ধ ড্ৰাগছৰ সৈতে ১ সৰবৰাহকাৰী আটক, বিলাসী বাহন জব্দ

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ  চিৰাং জিলাৰ নিষিদ্ধ ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা বিজনীৰ নিকটৱৰ্তী কাৱাটিকাত আৰক্ষীয়ে অভিযান চলাই আজি এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে।

আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে ১২ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ, ৬ টা ড্ৰাগছভৰ্তি প্লাষ্টিকৰ টেমা, এটা মোবাইল ফোন, এ এছ ১৯ এম/৩৩৯৩ নম্বৰৰ হিৰো হোণ্ডা গ্লেমাৰ এখন, এম এল ০৯ এ ২৮৬৯ নম্বৰৰ ক’লা ৰঙৰ  স্ক’ৰপিঅ’ এখন জব্দ কৰে।

আটক কৰা যুৱকজনক কাৱাটিকা নিবাসী নাছিৰ উদ্দিনৰ পুত্ৰ প্ৰেমানুল হুছেইন বুলি চিনাক্ত কৰা হৈছে বুলি চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

আজিৰ এই অভিযান চিৰাং জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ মেধিৰ নেতৃত্বত তথা বিজনী মহকুমা আৰক্ষী বিষয়া আৰু বিজনী থানাৰ আৰক্ষীৰ সহযোগত চলোৱা হৈছিল বুলিও জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।

উল্লেখ্য যে বৰ্তমানলৈ চিৰাং আৰক্ষীয়ে কাৱাটিকাৰ পৰা প্ৰায় অৰ্ধশতাধিক ড্ৰাগছ সৰবৰাহত জড়িত লোকক আটক কৰিবলৈ সক্ষম হৈছে।

You might also like