গোসাঁইগাঁৱত এনএলএফবিৰ ২২ সদস্যৰ মূলসুঁতিলৈ প্রত্যাৱর্তন
নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ এন এল এফ বিৰ ২২ গৰাকীকৈ সদস্যই মঙলবাৰে পুনৰ মূলসুঁতিলৈ ঘূৰি আহে৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও থানাৰ অন্তর্গত ভূমকা শিঙিমাৰী গাঁৱত মঙলবাৰে দুপৰীয়া এন এল এফ বিৰ প্লাটুন কমাণ্ডাৰ বি.জাংখ্রিখাঙৰ নেতৃত্বত ২২গৰাকীকৈ সদস্যই অস্ত্র–শস্ত্রৰে সু–সজ্জিত হৈ জংগলৰ পৰা গাঁওখনত উপস্থিত হয়৷ এন এল এফ বি নেতা বি.জাংখ্রিখাঙৰ নেতৃত্বত মুকলি লৈ ওলাই অহা নেতা–কেডাৰকসকলক্ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ বি বাথা আৰু অধ্যক্ষ বি বকোৱে উপস্থিত থাকি আদৰি আনে৷ আনহাতে বি বাথাই সংবাদ মাধ্যমৰ আগত আজি মূলসুঁতিলৈ উভতি অহা কেডাৰসকলক চান্দামাৰিস্থিত ডেজিগনেটেড কেম্পত ৰখা হ’ব বুলি উল্লেখ কৰে৷
তেওঁ উল্লেখ কৰা মতে, ১২০গৰাকীৰ ভিতৰত ৯৮ গৰাকী ইতিমধ্যে মুকলি লৈ ওলাই আহিছে আৰু বাকীসকল শীঘ্রে আহিব৷ তেওঁ কেডাৰসকলৰ লগত এ–কে চিৰিজৰ ৰাইফলৰ লগতে হেণ্ডগ্রেনেড, থ্রী নট থ্রী আৰু অত্যাধুনিক অস্ত্র আছে বুলিও প্রকাশ কৰে৷ আনহাতে অধ্যক্ষ বি বকোৱে অসম চৰকাৰৰ আহ্বানমর্মে শান্তি আলোচনাৰ দিশে আগবাঢ়িছে বুলি জানিবলৈ দি তেওঁ এই আলোচনাৰ পৰা নিশ্চয়কৈ এটা সুফল পাব বুলি আশা কৰে৷
আনহাতে যিসকল কেডাৰ আহিবলৈ বাকী আছে তেওঁলোকৰ লগত এ কে–৪৭, ইনচার্জ এছ এল আৰ আছে বুলি জানিবলৈ দিয়ে৷ তেওঁ পৰৱর্তী সময়ত ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ পৰাও কেডাৰ আহিব বুলি উল্লেখ কৰে৷ আনহাতে এন এল এফ বিৰ নেতা, কেডাৰসকলক আদৰি অনাৰ সময়ত শান্তি আলোচনাৰ মধ্যস্বতাকাৰী ৰাজ কুমাৰ পৃথ্বীৰাজ নাৰায়ণদেৱ মেচ উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত বিটিআৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত কিছুমান নেতাৰ মনত ৰৈ যোৱা ক্ষোভৰ বহির্প্রকাশ ঘটাই পুনৰ অৰণ্যলৈ গুচি গৈছিল যদিও এতিয়া তেওঁলোকে চৰকাৰে আগৰ চুক্তিত ৰৈ যোৱা ভুল–ত্রুটিবোৰ আন্তৰিকতাৰে সমাধান কৰিব বুলি চৰকাৰে আশ্বাস দিয়াত তেওঁলোক পুনৰ উভতি আহিছে বুলি মন্তব্য কৰে৷