নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাসহ তিনি অভিযুক্তক গ্রেপ্তাৰ মহানগৰ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১১ আগষ্টঃ অনলাইনত দেহ ব্যৱসায় চলোৱাৰ অভিযোগত মহানগৰ আৰক্ষী অপৰাধ শাখাই মহিলাসহ তিনিজন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনলাইনত গুৱাহাটীৰ বিলাসী হোটেলত দেহ ব্যৱসায় চলোৱা সন্দর্ভত অপৰাধ শাখাই ৰুজু কৰা ০৯/২১ নম্বৰৰ গোচৰটোৰ ভিত্তিত অভিযান চলাই মাষ্টাৰ মাইণ্ড মুকুল ভৰদ্বাজ ওৰফে সন্দীপ কুমাৰ, পাণবজাৰৰ মিনার্ভা হোটেলৰ মেনেজাৰ নয়নমণি পাটোৱাৰী আৰু দীয়া শর্মা ওৰফে জোনাকী বেগমক গ্রেপ্তাৰ কৰে৷ মহানগৰ আৰক্ষী অপৰাধ শাখাৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে দিল্লী–বিহাৰ–মহাৰা আৰু গুৱাহাটীত অনলাইনৰ জৰিয়তে মুকুল ভৰদ্বাজে দেহ ব্যৱসায় চলাই আহিছিল৷ সম্প্রতি মহানগৰ আৰক্ষী অপৰাধ শাখাই তদন্ত অব্যাহত ৰাখিছে৷

You might also like