নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা ! বজালীত চৰকাৰী চাউল জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২৭ নৱেম্বৰঃ ৰাজ্যত আজিও অব্যাহত আছে বগা চাউলৰ ক’লা বেহা৷ যি সময়ত সৰ্বদিশতে মূল্যবৃদ্ধিয়ে জুৰুলা কৰি সাধাৰণ জনতাক মাধমাৰ শোধাই আহিছে সেই সময়তে সুলভ মুল্যৰ চাউল ক’লা বজাৰত বিক্ৰী কৰি চৰকাৰী চাউলৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে একাংশ অসাধু চক্ৰই। ইয়াৰে প্ৰমাণস্বৰূপে যোৱা নিশা বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছি আৰক্ষীয়ে জব্দ কৰে এখনি চোৰাং চাউল ভৰ্তি ট্ৰাক৷ ঘটনা সন্দৰ্ভত বজালী জিলা আৰক্ষী বিষয়া ধৰ্মেন্দ্ৰ দাসৰ পৰা জানিব পৰা অনুসৰি যোৱা নিশা এক গোপন সুত্ৰৰ পম খেদি পাটাছাৰকুছি আৰক্ষীয়ে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তালাচী চলাই AS-01-DD 7573 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পৰা ৪৮০ বস্তা সন্দেহযুক্ত চৰকাৰী পি ডি এচৰ চাউল জব্দ কৰে৷ আৰক্ষীয়ে চাউলসমূহ জব্দ কৰাৰ লগতে ট্ৰাকখনৰ চালকগৰাকীক আটক কৰি জেৰা কৰে৷ আৰক্ষীৰ জেৰাত চালকগৰাকীয়ে চাউলসহ গাড়ীখন বৰপেটাৰ পৰা মেঘালয় অভিমুখে লৈ গৈ থকা বুলি স্বীকাৰ কৰে৷ এই সন্দৰ্ভত বজালী আৰক্ষীয়ে ইতিমধ্যে এটা গোচৰ ৰুজু কৰি চালকগৰাকীক জেৰা অব্যাহত ৰাখিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like