নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসুস্থ সাংবাদিকক চিকিৎসাৰ বাবে বিনামূলীয়াকৈ বাংগালুৰুলৈ পঠিয়াব চৰকাৰে

বিশেষ বাৰ্তা, ২৫ জানুৱাৰীঃ অসমৰ বিভিন্ন মাধ্যমত সেৱা আগবঢ়াই থকা সাংবাদিক তথা তেওঁলোকৰ পৰিয়ালৰ কল্যাণৰ বাবে যৎপৰোনাস্তি সেৱা আগবঢ়াবলৈ গঠন কৰা সদৌ অসম সাংবাদিক কল্যাণ নিধি (অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্ট)-ৰ এটা প্ৰতিনিধিৰ দলে আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাক সাক্ষাৎ কৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসাধীন হৈ থকা সাংবাদিক দীপাংকৰ মেধিৰ স্বাস্থ্যৰ বিষয়ে কথা পাতে। অধীক্ষক শৰ্মাই সাংবাদিকগৰাকীৰ চিকিৎসা সম্পৰ্কে প্ৰতিনিধি দলটোৰ আগত বিতংভাবে বাখ্যা কৰে। অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোৱে সাংবাদিক মেধিৰ চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত কিদৰে সকাহ দিব পাৰি সেই বিষয়েও অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ সৈতে আলোচনা কৰে। অধীক্ষক ডাঃ শৰ্মাই অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোৰ অনুৰোধ মৰ্মে সংবাদিক দীপাংকৰ মেধিৰ আইচিইউৰ খৰচৰ লগতে কেবিনৰ মাচুল, দৰবৰ খৰচ আদি ৰেহাই দিব বুলি কয়। সাংবাদিক দীপাংকৰ মেধিক উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবলগীয়া হোৱা বাবে খৰচৰ জোৰা মাৰিবলৈ ডাঃ শৰ্মাই প্ৰতিনিধি দলটোৰ সমুখৰ পৰাই তাক্ষণিকভাবে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ ফোন কৰে। ফোনতে ডাঃ শৰ্মাই সকলো কথা বিবৰি কোৱাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই দীপাংকৰ মেধিক অসম আৰোগ্য নিধিৰ অধীনত সম্পূৰ্ণ চৰকাৰী খৰচত বাংগালুৰুলৈ নি অস্ত্ৰোপচাৰ কৰাৰ অনুমতি দিয়ে। মেধিক দুসপ্তাহৰ পিছতে বাংগালুৰুলৈ উন্নতচিকিৎসাৰ বাবে নিয়া হ’ব বুলি ডাঃ শৰ্মাই প্ৰকাশ কৰে। অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মা, উপ-অধীক্ষক উজ্বল শৰ্মাই অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোৰ অনুৰোধ ৰক্ষা কৰি এনেদৰে বদান্যতা দেখুওৱাত প্ৰতিনিধিৰ দলটোৱে আটাইলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ প্ৰতিনিধিৰ দলটোত আছিল শংকৰ গোঁহাই, কল্যাণ শৰ্মা, জ্যেষ্ঠ সাংবাদিক কুমুদ নাথ, ট্ৰাষ্টৰ সভাপতি দুলাল মিশ্ৰ, ট্ৰাষ্ট্ৰ সাধাৰণ সম্পাদক দিম্পুল চুতীয়াকে ধৰি ভালে কেইগৰাকী ব্যক্তি। আজিয়েই প্ৰতিনিধিৰ দলটোৱে চিকিৎসাধীন হৈ থকা সংবাদিক দীপাংকৰ মেধিক সাক্ষাৎ কৰি অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্টৰ তৰফৰ পৰা কিছু আৰ্থিক অনুদানো প্ৰদান কৰে। উল্লেখ্য সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ বাবে ট্ৰাষ্ট এটা খোলাৰ কথা বহু দিনৰে পৰা চিন্তা-চৰ্চা কৰি অহা হৈছিল। শংকৰ গোঁহাইৰ নেতৃত্বত তথা ৰাজকুমাৰ দাস, কল্যাণ মিশ্ৰ, কুমুদ নাথ আদি ব্যক্তিসকলৰ একান্ত প্ৰচেষ্টাত অৱশেষত উক্ত ট্ৰাষ্ট গঠন কৰি দিয়া হৈছে। ট্ৰাষ্টৰ সভাপতি হিচাবে দুলাল মিশ্ৰক আৰু সাধাৰণ সম্পাদক হিচাবে দিম্পুল চুতীয়াক দায়িত্ব অৰ্পন কৰা হৈছে। ট্ৰাষ্টে একান্ত প্ৰয়োজনৰ সময়ত সাংবাদিকসকলক বিভিন্ন ধৰণে সহায়-সহযোগ আগবঢ়োৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উক্ত ট্ৰাষ্টৰ প্ৰতিখন জিলাতে একো খনকৈ জিলা সমিতি থাকিব ।এক কথাত কবলৈ গ’লে সেৱাৰ ক্ষেত্ৰ খনত আজিৰে পৰাই ট্ৰাষ্টৰ কাম-কাজ আৰম্ভ হ’ল। ভৱিষ্যতে সদৌ অসম সাংবাদিক কল্যাণ নিধি (অল আছাম জাৰ্ণালিষ্ট ৱেলফেয়াৰ ট্ৰাষ্ট) ৰ কাম-কাজ চলাই নিবলৈ সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে।

You might also like