নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ কলেজ অৱ ইডুকেশ্বনত সৰস্বতী পূজাৰ বৰ্ণাঢ্য আয়োজন

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ কাইলৈ সৰস্বতী পূজা আৰু গণৰাজ্য দিৱস। সেয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক শ্বেতপদ্ম আসনত বহুৱাই আৰাধনা কৰিবলৈ উঠি পৰি লাগিছে কামৰূপ জিলাৰ বকো অঞ্চলৰ সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল। এই ক্ষেত্ৰত অধিক সাজ সজ্বাৰে সৰস্বতী পূজাৰ প্ৰস্তূতিত ব্যস্ত হৈ পৰিছে বকোৰ কলেজ অৱ ইডুকেশ্বনৰ ছাত্ৰ ছাত্ৰী সকল। বকোৰ বি এড কলেজৰ ভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীৰ উপৰিও কলেজ খনৰ বিষয়া কৰ্মচাৰী সকলো ব্যস্ত হৈ পৰিছে ৰভা মঞ্চ তোৰণ নিৰ্মানত। সৰস্বতী পূজাৰ প্ৰস্তূতি সন্দৰ্ভত খৱৰ লোৱাত দেখা যায় যে ; কলেজ খনৰ পৰিচালনা সমিতিৰ সভাপতি জ্যোতিপ্ৰসাদ দাস আৰু সচিব প্ৰধান ড: গণেশ্বৰ চহৰীয়াই জনায় যে পূজাৰ বাবে সকলো ছাত্ৰ ছাত্ৰীয়ে চিত্ৰ ভাস্কাৰ্য আৰু ৰং বিৰঙৰ চানেকিৰ সাজ সজ্বাৰ ব্যৱস্থা কৰিছে। আকৰ্ষনীয় ৰূপত নিৰ্মাণ কৰিছে বাগদেবীৰ মণ্ডপ। সৰস্বতী পূজাৰ সকলো কাৰ্য্যসুচীত ৰাইজৰ উপস্থিতি কামণা কৰিছে কলেজ কৰ্তৃপক্ষই।

প্ৰেৰক বিষ্ণুৰাম দাস

You might also like