উৎকোচ লৈ হাতে–লোটে ধৰা পৰিল জিএছটি পৰিদর্শকসহ দুই
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কঠোৰ সকীয়নিৰ পাছতো একাংশ চৰকাৰী বিষয়া–কর্মচাৰীয়ে নির্বিঘ্ণে দুর্নীতি–নিয়ম সংঘটিত কৰি আহিছে৷ শনিবাৰে গুৱাহাটীৰ পৰা যোৱা অসম আৰক্ষীৰ দুর্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই ঘোচ লোৱা অৱস্থাত হাতে–লোটে ধৰা পৰে মৰিগাঁৱৰ কৰ অধীক্ষক কার্যালয়ৰ জি এছ টি পৰিদর্শক শোণিত বৰঠাকুৰ আৰু টেক্স কনচালটেণ্ট ৰাজেশ গুপ্তা৷
প্রাপ্ত তথ্য অনুসৰি মৰিগাঁৱৰ চুলতান নার্ছিং হোমৰ স্বত্বাধিকাৰী মনোহৰ চুলতানক কেইদিনমান পূর্বে তেওঁ ক্রয় কৰা ডি জি জেনেৰেটৰৰ জি এছ টিৰ নামত ভাবুকি দি ৩০ হাজাৰ টকা দাবী কৰিছিল জি এছ টি পৰিদর্শক শোণিত বৰঠাকুৰ আৰু টেক্স কনচালটেণ্ট ৰাজেশ গুপ্তাই৷ এই সন্দর্ভত নার্ছিং হোমখনৰ স্বত্বাধিকাৰী মনোহৰ চুলতানে কালি দুর্নীতি নিবাৰক শাখাত অভিযোগ দিয়ে৷ সেইমর্মে কালি দিনৰ প্রায় এক বজাত গুৱাহাটীৰ পৰা অহা দুর্নীতি নিবাৰক শাখাৰ এক অভিযানকাৰী দলে ঘোচ লৈ থকা অৱস্থাতে হাতে–লোটে ৰাজেশ গুপ্তাক গ্রেপ্তাৰ কৰে৷ তাৰ পাছতে মৰিগাঁও উপায়ুক্ত কার্যালয় চৌহদত নির্বাচনী দায়িত্বত থকা জি এছ টি পৰদর্শক শোণিত বৰঠাকুৰক গ্রেপ্তাৰ কৰে দলটোৱে৷ উল্লেখ্য যে ইতিমধ্যে দুয়োকে বাতৰি লিখাৰ সময়লৈকে জেৰা অব্যাহত ৰাখিছে দুর্নীতি নিবাৰক শাখাই৷