নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ এপ্রিলৰ পৰা ৰাজ্যত তিনিটা পর্যায়ত গুণোৎসৱ

জিলা শিক্ষা বিষয়ালৈ সর্বশিক্ষা অভিযানৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ছাত্র–ছাত্রীৰ শিক্ষাৰ মান মূল্যায়নৰ লক্ষ্যৰে শিক্ষা বিভাগে পুনৰ আৰম্ভ কৰিব গুণোৎসৱ৷ অহা ২০ এপ্রিলৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব লগা এই গুণোৎসৱৰ বাবে অসম সর্বশিক্ষা অভিযান মিছনে প্রতিখন জিলাৰ শিক্ষা বিষয়ালৈ ইতিমধ্যে নির্দেশনা প্রেৰণ কৰিছে৷ সেই অনুসৰি প্রথম পর্যায়ত ১১খন জিলাক সামৰি ২০, ২১ আৰু ২২ এপ্রিলত অনুষ্ঠিত কৰা হ’ব গুণোৎসৱ৷ এই ১১খন জিলা হ’ল– বাক্সা, চিৰাং, ধুবুৰী, ডিমা হাছাও, হাইলাকান্দি, যোৰহাট, কামৰূপ (মেট্র’), লখিমপুৰ, শোণিতপুৰ, পশ্চিম কার্বি আংলং৷

আনহাতে, ২৫ এপ্রিলৰ পৰা ২৭ এপ্রিললৈ দ্বিতীয় পর্যায়ত সামৰি ল’ব লগা জিলাকেইখন হ’ল– বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজি, ডিব্রুগড়, গোৱালপাৰা, কার্বি আংলং, কৰিমগঞ্জ, নগাঁও আৰু নলবাৰী৷ একেদৰে ১০ মে’ৰ পৰা ১২ মে’লৈ তৃতীয় পর্যায়ত অনুষ্ঠিত হ’ব লগা এই গুণোৎসৱে সামৰি ল’ব বৰপেটা, কাছাৰ, গোলাঘাট, হোজাই, কামৰূপ, কোকৰাঝাৰ, মাজুলী, মৰিগাঁও, শিৱসাগৰ, দক্ষিণ শালমাৰা মানকাচৰ, তিনিচুকীয়া আৰু ওদালগুৰি৷ চলিত বর্ষত হ’ব লগা গুণোৎসৱৰ জৰিয়তে প্রথম শ্রেণীৰ পৰা নৱম শ্রেণীলৈ শিক্ষাৰ মান মূল্যায়ন কৰা হ’ব৷

মন কৰিবলগীয়া যে গুণোৎসৱৰ জৰিয়তে ইতিমধ্যে শিক্ষা বিভাগে ৰাজ্যৰ বহু বিদ্যালয়ৰ শিক্ষাৰ মান মূল্যায়ন কৰাৰ লগতে আন্তঃগাঁথনিৰ দিশো পৰীক্ষা কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, গুণোৎসৱৰ জৰিয়তে স্কুল এৰা ছাত্র–ছাত্রীৰ সংখ্যাও হ্রাস কৰিবলৈ সক্ষম হৈছে শিক্ষা বিভাগে৷ ২০ এপ্রিলৰ পৰা ১২ মে’লৈ চলিব লগা এই গুণোৎসৱৰ জৰিয়তে বিদ্যালয় একত্রীকৰণৰ দিশটো পর্যবেক্ষণ কৰাৰ লগতে শিক্ষা বিভাগে শ্রেণীকোঠাৰ সংখ্যা বৃদ্ধিৰ লগতে পাঠ্যক্রমৰ বিভিন্ন দিশো পৰীক্ষা কৰিব৷

You might also like