বিশাল বাইক ৰেলীৰে গুৰুজ্যোতি দাসক সমষ্টিলৈ আদৰণি
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ মঙলদৈ বিধানসভা সমষ্টিত বিজেপি দলৰ পৰা ক্রমাগতভাৱে দ্বিতীয়বাৰৰ বাবে টিকট লাভ কৰাৰ পিছত সোমবাৰে বিশাল বাইক ৰেলী উলিয়ায় গুৰুজ্যোতি দাসে৷ এই ৰেলী ইমানেই দীঘলীয়া আছিল যে মঙলদৈ শাকতোলা নৈৰ পৰা বিধায়কৰ আৰেংস্থিত বাসগৃহ পাবলৈ সময় লয় ৬ ঘণ্টা৷ হাতে হাতে বিজেপি দলৰ পতাকা লৈ যুৱকসকলে ৰাজপথত ভাৰত মাতা কী জয়, আকৌ এবাৰ বিজেপি চৰকাৰ, গুৰুজ্যোতি আকৌ জিকিব, মঙলদৈত অভিলেখ ৰচিব আদি ধ্বনি দিয়ে৷ লক্ষণীয় যে আজি দিনৰ ভাগত গুৱাহাটীৰ হেঙেৰাবাৰীত অৱস্থিত বিজেপি কার্যালয়ৰ পৰা দলৰ সাংগঠনিক সম্পাদক ফণী শর্মাৰ পৰা টিকট সংগ্রহ কৰে মঙলদৈৰ দলীয় প্রার্থী গুৰুজ্যোতি দাসে৷ দৰং জিলা বিজেপিৰ সভাপতি, সম্পাদক সমন্বিতে এটা দলে টিকট লৈ দিনৰ ১ বজাত ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ শাকতোলা নৈৰ পাৰ পায়৷ ইয়াৰ পৰাই মঙলদৈ সমষ্টি আৰম্ভ হোৱা সূত্রে দহ সহস্রাধিক যুৱকে দাসক ইয়াৰ পৰাই আদৰি মঙলদৈলৈ লৈ যায়৷ পিপৰাদোকান, বৰজামগুৰি, আউলাচৌকা, পুনিয়া, বঙলাগড বাগান হৈ সমদল আগবাঢ়ে আৰু চপাই হৈ হাউলিমোহনপুৰ তথা আৰেঙত উপস্থিত হয়৷