নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰী–বিশ্বনাথত গুটখা জব্দ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা,  ৭ মে’ :  লকডাউনৰ সময়ত চিগাৰেট, গুটখাকে ধৰি অন্যান্য ধঁপাতজাতীয় সামগ্রী বিক্রী বন্ধ ৰখাৰ স্পষ্ট নির্দেশ দিয়াৰ পিছতো ধুবুৰীতেই একাংশ অসাধু ব্যৱসায়ীয়ে ধঁপাতজাতীয় সামগ্রী বিক্রী কৰি আহিছে৷

বুধবাৰে এক গোপন সূত্রৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে চহৰখনৰ চাৰি নং ৱার্ডৰ প্রবীৰ পাল নামৰ লোকজনৰ বাসগৃহত অকস্মাতে অভিযান চলাই বৃহৎ পৰিমাণৰ চিগাৰেট, গুটখা, পাণ মচলা, জর্দা আদি জব্দ কৰিবলৈ সক্ষম হয়৷ লগতে পালক আটক কৰি জেৰা কৰি আছে৷

 আনহাতে বিশ্বনাথত বুধবাৰে বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰা হয়৷ পুৱা প্রায় ৮ বজাত বিশ্বনাথ চাৰিআলিৰ কোচগাঁওস্থিত গুদামৰ পৰা অমৃত ৰাজ নামৰ এজন ব্যৱসায়ীয়ে এ এছ ২৫ ডি চি ১৪৮৩ নম্বৰৰ এখন গাডীত বিক্রীৰ বাবে অনা কেইবা লক্ষাধিক টকাৰ গুটখা স্থানীয় ৰাইজে আৰক্ষীৰ তৎপৰতাত জব্দ কৰে৷ ব্যৱসায়ীজনৰ সৈতে গুটখা বিশ্বনাথ আৰক্ষীক চমজাই দিয়ে৷ ইফালে ঘটনা সন্দর্ভত সদৌ অসম গোর্খা ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিলীপ গজুৰেলে গুটখা ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে বিশ্বনাথ থানাত এজাহাৰ দাখিল কৰিছে৷

You might also like