বৰপেটাৰ সৰুক্ষেত্ৰীত জিভিএমৰ বিশ্ব স্তনপান সপ্তাহ পালন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ আগষ্টঃ বিশ্ব স্তনপান সপ্তাহ-২০২৪ৰ লগত সংগতি ৰাখি গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাসকলে চাইল্ড ৰাইটচ এণ্ড ইউ প্ৰকল্পৰ অন্তৰ্গত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী উন্নয়ন খণ্ডৰ উত্তৰ বুঢ়ীখামাৰ গাঁৱত সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকলৰ সহযোগত যুটীয়াভাৱে গৰ্ভৱতী আৰু প্ৰসূতি মাতৃসকলৰ সৈতে বিশ্ব স্তনপান সপ্তাহ উদযাপন কৰা হয়। উক্ত সজাগতামূলক সভাত সৰুক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া নন্দিতা পুৰকায়স্থকে ধৰি আন আন বিষয়ববীয়াসকল আৰু কেইবাগৰাকী অংগনৱাড়ী কৰ্মী, আশাকৰ্মী, এ এন এমৰ লগতে উক্ত গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সদস্যসকল উপস্থিত থাকি মহিলাসকলক মাতৃদুগ্ধৰ প্ৰয়োজনীয়তাৰ ওপৰত তাৎপৰ্য্যপূৰ্ণ আলোকপাত কৰে। ইয়াৰ উপৰি গৰ্ভৱতী মহিলাৰ বাবে পঞ্চামৃত পৰ্ব আৰু ৬ মাহ সম্পূৰ্ণ কৰা শিশুসকলৰ বাবে অন্নপ্ৰাসন অনুষ্ঠিত কৰা হয়। শেষত শোভাযাত্ৰাৰ জৰিয়তে সজাগতামূলক অনুষ্ঠানটোৰ সামৰি পৰে। এনেদৰে গ্ৰাম্য বিকাশ মঞ্চৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাসকলে প্ৰকল্পৰ অন্তৰ্গত আন গাঁওসমূহতো মাতৃসকলৰ সৈতে স্তনপানৰ ওপৰত সজাগতামূলক সভাৰ জৰিয়তে বিশ্ব স্তনপান সপ্তাহ ২০২৪ (১ আগষ্ট-৭ আগষ্টলৈ) গোটেই সপ্তাহটো উদযাপন কৰে।