হাইলাকান্দিৰ স্কুলত মিজো দুর্বৃত্তৰ দুটা বোমা বিস্ফোৰণ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ হাইলাকান্দি জিলাৰ অসম–মিজোৰাম সীমান্তৱর্তী এখন স্কুলত দুর্বৃত্তৰ দ্বাৰা সংঘটিত দুটাকৈ বোমা বিস্ফোৰণৰ ঘটনাত তীব্র চাঞ্চল্য সৃষ্টি হৈছে৷ নিশা ডেৰমান বজাত আন্তঃৰাজ্য সীমান্তৱর্তী মুলিৱালা নিম্ন প্রাথমিক বিদ্যালয় চৌহদত দুর্বৃত্তই দুটা বোমাৰ বিস্ফোৰণ ঘটায়৷ ব্যাপক ক্ষতিগ্রস্ত হোৱা স্কুলখন ৰামনাথপুৰ থানাৰ পৰা প্রায় ২২ কিলোমিটাৰ নিলগত অৱস্থিত৷ আজি উপায়ুক্ত মেঘনিধি দাহাল, আৰক্ষী অধীক্ষক পাবিন্দৰ কুমাৰ নাথে বিস্ফোৰণস্থলী পৰিদর্শন কৰে৷ খবৰ পোৱাৰ পাছত ৰামনাথপুৰ থানাৰ অ’ চি, অতিৰিক্ত এছ পি (এইচ কিউ) কুলেন্দ্র নাথ ডেকা ঘটনাস্থলীলে গৈ তদন্ত আৰম্ভ কৰিছে৷ বিস্ফোৰণ দুটাৰ ফলত বিদ্যালয়ৰ ভৱনৰ লগতে খোৱাপানীৰ টেংকী আৰু নির্মীয়মাণ শৌচাগাৰ ব্যাপক ক্ষতিগ্রস্ত হৈছে৷ পৰিস্থিতি উত্তেজনাময় যদিও নিয়ন্ত্রণত আছে৷ এই ঘটনাৰ পাছত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে৷