নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼত খেলুৱৈৰ হাফপেন্ট বিতৰ্ক ৰাজহুৱা সভাত সম্ভাৱনা পূৰ্ণ খেলুৱৈক অপদস্থ কৰাৰ অভিযোগ

নিয়মীয়া বাৰ্তা, ১৩ নবেম্বৰঃ নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৈঠালাংছʼৰ নিকটৱৰ্তী ছবিন দৈনিক বজাৰৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ক্ৰীড়া খেলুৱৈৰ পোছাক পৰিধান কৰাক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এখন ৰাজহুৱা সভাত বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিশ্বোৰাম ৰোমাই সীতা দাস নামৰ সম্ভাৱনা পূৰ্ণ খেলুৱৈগৰাকীক হাফপেন্ট পিন্ধাৰ বাবে সমালোচনা কৰা বুলি খেলুৱৈ গৰাকীয়ে অভিযোগ উত্থাপিত কৰিছে ।

উল্লেখ্য যে সৰুৰে পৰা খেলা-ধূলাৰ প্ৰতি আগ্ৰহ থকাৰ বাবে ইতিমধ্যে খেলুৱৈ গৰাকীয়ে আন্তঃ জিলা পৰ্যায়ত অসমৰ কেইবাখনো ঠাইত হকী আৰু ফুটবল খেলি অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেওঁ নিতৌ পুৱা গধূলি চাৰি কিলোমিটাৰ পথ হাফ পেণ্ট পিন্ধি অনুশীলন কৰিবলৈ যায়। অনুশীলনৰ সময়ত হাফপেণ্ট ব্যৱহাৰ কৰা কৰ্য‌ই সমগ্ৰ ছবিন দৈনিক বজাৰৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি বৰবিল আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিশ্বোৰাম ৰোমাই এখন ৰাজহুৱা সভাত উল্লেখ কৰা বুলি খেলুৱৈ গৰাকীয়ে অভিযোগ আনিছিল ।

উল্লেখ্য যে, অবৈধ সম্পৰ্কক কেন্দ্ৰ কৰি এক পাৰিবাৰিক সংঘাতৰ বাবে বাধ্য হৈ বৰবিল আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজৰে সীতা দাসৰ পিতৃৰ লগত ৰাজহুৱা বিচাৰ বহিছিল । উক্ত সভাত খেলুৱৈ গৰাকীক হাফপেন্ট পিন্ধাৰ বাবে সম্পাদক ৰমাই বক্তব্যত উল্লেখ কৰাৰ অভিযোগ উঠে । এই কথাত ক্ষুন্ন হৈ খেলুৱৈ গৰাকীয়ে কচুৱা আৰক্ষী থানাত সম্পাদকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । সম্পাদক গৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৯৪/৫০৯ধাৰাৰ অধিনত ২৩০/২০২১নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাবত ৰাখিছে ।

আনহাতে উক্ত ছবিন দৈনিক বজাৰত সীতা দাসৰ পিতৃয়ে এখন হোটেল স্থাপন কৰি অবৈধ ভাৱে বিলাসী সূৰাৰ এক ৰমৰমীয়া বেহা চলাই অহাত ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ পাইছে । উল্লেখ্য যে কামপুৰত অব্যাহত থকা ৰেʼল বিভাগৰ কাম কাজৰ বাবে প্ৰয়োজন হোৱা বালি সংগ্ৰহৰ বাবে বৈঠালাংছʼ অহা ট্ৰাকসমূহৰ ট্ৰাক চালকসকলৰ লগতে একাংশ লোকে উক্ত হোটেলৰ পিছফালে মদৰ আদ্দা চলাই অহাত অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট হৈ পৰিছে । কিন্তু এই সন্দৰ্ভত কচুৱা নাইবা বৈঠালাংছʼ আৰক্ষী থানাই কোনো ব্যৱস্থা গ্ৰহন নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰেৰকঃ হেমন্ত কুমাৰ নাথ

You might also like