বকোত হনুমান জয়ন্তী উদযাপন
নিয়মীয়া বাৰ্তা;৬ এপ্ৰিল: সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ বকোত ও পালন কৰা হৈছে পবিত্ৰ হনুমান জয়ন্তী।সপ্তম বাৰ্ষিক বকো সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ বকোৰ হনুমান মন্দিৰ প্ৰাংগনত পালন কৰা হয়।পবিত্ৰ হনুমান জয়ন্তীৰ লগত সংগতি ৰাখি বকো হনুমান মন্দিৰত ৰাতিপুৱা পতাকা উত্তোলন কৰে হনুমান জয়ন্তীৰ উপদেষ্টা ৰমেশ ডেকাই।ইয়াৰ লগতে মন্দিৰ প্ৰাঙ্গনৰ পৰা বকো চহৰলৈ বিভিন্ন ধৰ্মীয় কলা কৃষ্টিৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।এই শোভাযাত্ৰা মুকলি কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা আৰু বকো বজাৰ পৰিচালনা সমিতিৰ সভাপতি খগেন ঠাকুৰীয়াই।উক্ত শোভাযাত্ৰাত বকো অঞ্চলৰ হিন্দু ধৰ্মাৱলম্বী বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে।
প্ৰেৰক-ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়ন