নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম ঢকুৱাখনাত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাথ সে হাথ জোড়ো অভিযান

নিয়মীয়া বাৰ্তা, ৬ মে’:  ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢকুৱাখনা ব্লক কংগ্রেছ কমিটিৰ উদ্যোগত আৰু পশ্চিম ঢকুৱাখনা মণ্ডল কংগ্রেছ কমিটিৰ সহযোগত আজি পশ্চিম ঢকুৱাখনাৰ  খজুৱা তিনি আলিত “হাথ সে হাথ জোড়ো’ অভিযান ৰূপায়ন কৰা হয়। আজি দিনৰ ১২ বজাৰ পৰা অনুস্থিত হাথ সে হাথ জোড়ো অনুস্থানত   অসম প্ৰদেশ কংগ্রেছ কমিটিৰ সাধাৰণ সম্পাদক তথা  ঢকুৱাখনাৰ জনপ্ৰিয় যুৱ নেতা, পদ্মলোচন দলে , লখিমপুৰ জিলা কংগ্রেছ কমিটিৰ সভাপতি গগণ চন্দ্র বৰা , লখিমপুৰ জিলা যুৱ কংগ্রেছৰ সভাপতি মৌচম লাহন  ,লখিমপুৰ জিলা কংগ্রেছৰ আইন বিভাগৰ অধ্যক্ষ উত্তম কুমাৰ ফুকন , জিলা কংগ্রেছৰ উপ সভাপতি  বাহাৰুল ইসলাম ,  ঢকুৱাখনা ব্লক কংগ্রেছ কমিটিৰ সভাপতি তৰুণ চেতিয়া , ঢকুৱাখনা সমষ্টি যুৱ কংগ্রেছৰ উপ সভাপতি মনমোহন লাগাছু , ঢকুৱাখনা ব্লক মহিলা কংগ্রেছৰ সভানেত্রী ইনামনি বৰুৱা , ঢকুৱাখনা ব্লক যুৱ কংগ্রেছৰ সভাপতি অনুপ বৰুৱাৰ আদিৰ লগতে লগতে লখিমপুৰ জিলা কংগ্রেছ, ঢকুৱাখনা  ব্লক কংগ্রেছ, ঢকুৱাখনা মহিলা কংগ্রেছ, যুৱ কংগ্রেছৰ বহুতো কংগ্রেছ দলৰ বিষয়ববীয়া আৰু সাধাৰণ কংগ্রেছ কৰ্ম্মীয়ে অংশগ্রহণ কৰে।

 

প্ৰেৰক:  ৰাজেশ বুঢ়াগোহাঞি

You might also like